অসম

জন্মদিনৰ দিনাই পথ দুৰ্ঘটনাত প্ৰাণ গ'ল শিশুৰ, আহত মাতৃ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিয়নীঃ মৰিয়নীত সংঘটিত হৈছে এক কৰুণ ঘটনা।জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱালে তিনিবছৰীয়া কন্যা শিশুৱে।

ই-ৰিক্সা আৰু টা টা ডি আইৰ মাজত মুখা মুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।ই-ৰিক্সা খনত যাত্ৰী ৰূপে যোৱা তিনিবছৰীয়া নিকিতা চাওৰা নামৰ কন্যা শিশুটি থিতাতে নিহত হয় ।

মৰিয়নি নগৰৰ পৰা ডকলঙীয়া অভিমুখে গৈ আছিল ই-ৰিক্সা খন।দুৰ্ঘটনাত শিশুটিৰ মাতৃ আৰু ই-ৰিক্সাখনৰ চালক সহিতে চাৰি গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত।অহত সকলক JMCH লৈ প্ৰেৰণ কৰা হয়।