অসম

"মন কী বাত"ৰ ১০০তম খণ্ড বিশ্বব্যাপী হ’ব প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে প্ৰধানমন্ত্ৰী মোডীৰ "মন কী বাত" ১০০ টা খণ্ড সম্প্ৰচাৰ পূৰ্ণ হ’ব। আজি ১১ বজাত প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "মন কি বাত"ৰ সম্বোধন কৰিব । আজিৰ অনুষ্ঠানটি নিউয়ক মুখ্য কাৰ্যালয়ৰ পৰা সম্প্ৰচাৰ কৰা হ’ব । লণ্ডনৰ ভাৰতীয় উচ্চ আয়োগে "মন কি বাত"ৰ ১০০ তম খণ্ডৰ এক বিশেষ স্ক্ৰীণিংও বেযৱস্থা কৰিছে ।

এশ টা খণ্ডত ভৰি দিয়া এই লাইভ সম্প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে আহ্বান জনাইছে সকলোকে । বিজেপি শাসিত ৰাজ্যসমূহে মন কী বাতৰ ১০০ তম খণ্ড উদযাপন ৰ বাবে ব্যাপক আয়োজন কৰিছে । আজিৰ মন কি বাতত জনতাক বিজেপি দলটোৱেও এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বৰ বাবে সামাজিক মাধ্যমযোগে আহ্বান জনাইছে ।

উল্লেখ্য যে "মন কী বাত" প্ৰথমবাৰৰ বাবে ২০১৪ চনৰ ৩ অক্টোবৰত সম্প্ৰচাৰিত হৈছিল । আজিৰ "মন কী বাত" অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো । তদুপৰি বুধবাৰে "মন কী বাত"ত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমৃত স্বাহে কয় যে ইয়ে ভাৰতৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিছে ।