অসম

মানকাচৰৰ মানুল্ল্যাপাৰা হাই স্কুলত চুৰি কাণ্ড, লুটি নিলে বহু লাখ টকাৰ সামগ্ৰী…

asomiyapratidin

মানকাচৰৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত মানুল্ল্যাপাৰা হাই স্কুলত সোমবাৰে নিশা চোৰে তলা ভাঙি বিদ্যালয় খনৰ পৰা দুটা ইনভেটৰ আৰু চাৰিটা বেটেৰী সহ প্ৰায় লক্ষাধিক টকাৰ বিদ্যুত সামগ্ৰী চুৰি কৰি নিয়ে।

নিশা বৰষুণ হোৱাৰ সুযোগ লৈ বিদ্যালয় খনত এইদৰে চোৰে তাণ্ডৱ চলাই সামগ্ৰী খিনি লুটি নিবলৈ সক্ষম হৈছে। এই ঘটনাৰ পাছতেই বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাকিবৰ আলম মণ্ডল খাৰুৱাবান্ধা আৰক্ষী চকীত অৱগত কৰে।

ফলত খাৰুৱাবান্ধা আৰক্ষীৰ দল এটা আজি দিনৰ প্ৰায় ২ বজাত বিদ্যালয় খনত উপস্থিত হৈ চুৰি হোৱা ঘটনাৰ তদন্ত আৰম্ভ কৰে। ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক জনে জানিবলৈ দিয়া মতে ইয়াৰ পূৰ্বেই এই বিদ্যালয় খনত চোৰে তলা ভাঙি সামগ্ৰী লুটি নিছিল। চোৰৰ টাৰ্গেট হৈ পৰা বিদ্যালয় খনৰ চুৰি সামগ্ৰী খিনি উদ্ধাৰ কৰাৰ লগতে চোৰক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীৰ ওচৰত বিদ্যালয় কতৃপক্ষই আহ্বান জনাইছে।