অসম

মানকাচৰত আৰম্ভ হ’ল চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ, ৪১২ খন বিদ্যালয়ত স্ব-মূল্যায়ন…

asomiyapratidin

ডিজিটেল ডেস্ক: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৪১২ খন বিদ্যালয়ত আজিৰ পৰা আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ। আজি জিলাখনৰ ৪১২ খন বিদ্যালয়ত বিদ্যালয় সমূহে নিজেই ছাত্ৰ-ছাত্ৰীৰ মাজত স্ব-মূল্যায়ন কৰে।

৪ আগষ্টৰ পৰা ৬ আগষ্টলৈ তিনি দিনীয়াকৈ জিলাখনত গুণোৎসৱৰ বাহ্যিক মূল্যয়নৰ কাৰ্য্যসূচী অনুষ্ঠিত হ'ব। ইতিমধ্যে বিদ্যালয়সমূহে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে। শেহতীয়াকৈ বান পৰিস্থিতিৰ বাবে জিলাখনত দুবাৰকৈ গুণোৎসৱৰ কাৰ্যসূচী পিছুৱাই দিয়া হৈছিল।

বুধবাৰে জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো প্ৰায় ডেৰ সহস্ৰাধিক ছাত্ৰী-ছাত্ৰীক লৈ গুণোৎসৱৰ আয়োজন কৰি ছাত্ৰ ছাত্ৰীৰ স্ব-মূল্যায়ন কৰা হয়।