badaruddin ajmal
badaruddin ajmal 
অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা দৰমহা লৈ কংগ্ৰেছ চলি আছে !

Asomiya Pratidin

ডিজিটেল সংবাদ, মানকাচৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ এ.আই.ইউ.ডি.এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। ৰাহুল গান্ধীয়ে ভাৰত জোড়ো আন্দোলন নহয়, ভাৰত তোৰো আন্দোলন কৰি আছে বুলি মন্তব্য কৰে আজমলে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দিশা সভাত অংশগ্ৰহণ কৰাৰ পাছত তেওঁ এইদৰে মন্তব্য কৰে।

কংগ্ৰেছে অকলে এই আন্দোলন কৰিলে নহ'ব। আমাৰ সৰু সৰু ডাঙৰ সকলো দল লৈ এই আন্দোলন কৰিব লাগিছিল। কংগ্ৰেছৰ অস্তিত্ব নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা দৰমহা লৈ কংগ্ৰেছ চলি আছে বুলিও এ.আই.ইউ.ডি.এফৰ মুৰব্বী গৰাকীয়ে মন্তব্য কৰে।

আনহাতে তেওঁ কয় যে - অসমত কমচেকম ৫০ বছৰে কংগ্ৰেছ উঠিব নোৱাৰে।অসমত ভাৰত জোড়ো আন্দোলন উজনিৰ পৰা আৰম্ভ কৰিব লাগিছিল। কিন্তু আৰম্ভ কৰিলে মুছলিম এলেকাৰ পৰা। ইয়াৰ একমাত্ৰ কাৰণ এ.আই.ইউ.ডি.এফক শেষ কৰিব বিচাৰিছে। আন্দোলন শেষ কৰিলে জালুকবাৰীত। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ পৰা দৰমহা লয় কংগ্ৰেছে।

কংগ্ৰেছে এ.আই.ইউ.ডি.এফৰ লগত বেইমানি কৰিছে। তথাপিও আজমলে আহ্বান জনাই যে এ.আই.ইউ.ডি.এফৰ লগত কংগ্ৰেছ আহক আৰু একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়ক। লগতে ২০২৬ৰ বিধায়নসভাৰ নিৰ্বাচনত এ.আই.ইউ.ডি.এফে কমেও ২৫/২৬ খন আসন লাভ কৰিব বুলিও তেওঁ মন্তব্য আগবঢ়ায়।