অসম

সদৌ অসম শৰীৰ চৰ্চা প্ৰতিযোগিতাত মঙলদৈৰ সফলতা...

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈ : সদৌ অসম শৰীৰ চৰ্চা সন্থাৰ উদ্যোগত অলপতে ওদালগুৰি মহাবিদ্যালয় পেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা ৩৪ সংখ্যক মিষ্টাৰ অসম, নৱম মিছ ফিটনেচ, সপ্তম মেন ফিটনেচ প্ৰতিযোগিতাত চাৰিটা শীৰ্ষ স্থান দখল কৰিছে মঙলদৈৰ খেলুৱৈয়ে।

প্ৰতিযোগিতাত চেম্পিয়ন অৱ দ্য চেম্পিয়নৰ খিতাপ লাভ কৰি ইচফাকুল হুছেইনে মাষ্টাৰ্চ মিষ্টাৰ অসমৰ সন্মান লাভ কৰি ট্ৰফী, মেডেল, প্ৰমাণ পত্ৰসহ নগদ বিশ হাজাৰ টকা, ৰুহুল আমিনে ছিনিয়ৰ মিষ্টাৰ অসমৰ সন্মান লাভ কৰি ট্ৰফী, মেডেল, প্ৰমাণ পত্ৰসহ নগদ ত্ৰিশ হাজাৰ টকা, আমিনুল ইছলামে জুনিয়ৰ মিষ্টাৰ অসমৰ সন্মান লাভ কৰি ট্ৰফী, মেডেল, প্ৰমাণ পত্ৰসহ নগদ পোন্ধৰ হাজাৰ টকা লাভ কৰে।

এওঁলোক তিনিওগৰাকী মঙলদৈৰ গ্লৰিয়াছ জীমৰ প্ৰশিক্ষক কবিৰ নেওগৰ অধীনৰ নিয়মীয়া খেলুৱৈ। আনহাতে মিছ ফিটনেচ শাখাত মঙলদৈৰ স্পাৰ্টানজ জীমৰ নিয়মীয়া খেলুৱৈ ৰিছা ডেকাই চেম্পিয়নৰ খিতাপ লাভ কৰি ট্ৰফী, মেডেল, প্ৰমাণ পত্ৰসহ নগদ দহ হাজাৰ টকা লাভ কৰে। এওঁ প্ৰাক্তন মাষ্টাৰ্চ মিষ্টাৰ আসাম জ্যোতিৰ্ময় শৰ্মাৰ অধীনৰ এগৰাকী নিয়মীয়া খেলুৱৈ।