অসম

মঙলদৈৰ কটহগুৰিত বাঘৰ মুক্ত বিচৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈৰ কটহগুৰিত দেওবাৰে বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰে ৰাইজে। মাকৈ খেতি পথাৰত মুক্ত বিচৰণ কৰে এটা নাহৰফুটুকী বাঘে ৷

স্থানীয় ৰাইজৰ মোবাইল কেমেৰাত বন্দী হয় বাঘটোৰ মুক্ত বিচৰণৰ দৃশ্য ৷ মাকৈ খেতিৰ মাজত অৱস্থান বাঘটোৰ ৷ বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰে স্থানীয় ৰাইজ ৷

উল্লেখ্য যে কেইদিন মান পূৰ্বে লুহুৰী চৰত ৰাইজে বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ উপৰিও দুটা পশুধন বাঘে আক্ৰমন কৰি হত্যা কৰিছিল ৷বৰ্তমানলৈকে বন বিভাগে এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহন কৰা নাই ৷

আৰু পঢ়ক: অসমৰ যুৱতীক মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত হত্যা কৰাৰ অভিযোগ...