অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই মঙলদৈৰ ৰুণাই পালে এটি বাসগৃহ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ ৰুণাৰ ঘৰ ওলাল। গনতন্ত্ৰ দিৱসৰ দিনাই দৰঙৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই আনুষ্ঠানিকভাৱে ফিটা কাটি শুভাৰম্ভণি কৰে ঘৰটোৰ। যোৱা ৬ নৱেম্বৰ ২০২২ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঙলদৈত দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ ভূমি পুজনলৈ যোৱাৰ সময়ত এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে জনাইছিল এক আহ্বান।

মঙলদৈৰ বিদ্যানগৰৰ বিশেষ ভাৱে সক্ষম, মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী ৰুনা বৰাই লগ ধৰি মুখ্যমন্ত্ৰী গৰাকীক এটি গৃহৰ বাবে মৌখিক আবেদন জনাইছিল। লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৰঙৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাক ছাত্ৰী গৰাকীৰ ঘৰ পৰিদৰ্শন কৰি প্ৰয়োজনত ঘৰৰ ব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ দিছিল।

দ্বিতীয় দিনাই উপায়ুক্ত গৰাকীয়ে বিশেষ ভাৱে সক্ষম মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী ৰুণা বৰাৰ ঘৰত উপস্থিত হৈ ৰুনাৰ পিতৃৰ নামত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ এটা ঘৰ আৰু মুখ্যমন্ত্ৰীৰ বিভাগৰ পৰা অতিৰিক্ত ১,৫০,০০০ টকা আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ চতুৰ্থ দিনা প্ৰধান মন্ত্ৰী আবাস গৃহৰ ঘৰটিৰ আধাৰ শিলা স্থাপন কৰে।

মাত্ৰ কেইটামান দিনৰ ভিতৰতে ঘৰৰ কাম সম্পূৰ্ণ হৈ পৰে।সম্পূৰ্ণ কৰা প্ৰধান মন্ত্ৰী আবাস গৃহৰ ঘৰটো দৰঙৰ উপায়ুক্তই বৃহস্পতি উদ্বোধন কৰে। আৰু মুখ্যমন্ত্ৰী পূঁজিৰ পৰা পোৱা ডেৰ লাখ টকা ঘৰটোৰ আধাৰ শিলা কৰিলে দৰঙৰ উপায়ুক্তই।

ঘৰটো সম্পূৰ্ণ হোৱাত এনেকুৱা মুখ্যমন্ত্ৰী থাকিলে আমাৰ দৰে দৰিদ্ৰ পৰিয়াল বোৰৰ সকাহ হ'ব বুলি মন্তব্য আগবঢ়ায় ৰুনা বৰাই।

আৰু পঢ়ক: দুধনৈত পথ দুৰ্ঘটনা, দুখন বাইকৰ মুখামুখি সংঘৰ্ষ