অসম

নাৰ্ছৰ ভুলৰ বাবে গৰম তেল পৰিল নৱজাতকৰ ওপৰত...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈ: পুনৰ বিতৰ্কৰ মাজত মঙলদৈ অসামৰিক চিকিৎসালয়। শেহতীয়া কৈ পোহৰলৈ আহিছে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ এক দায়িত্বজ্ঞানহীন ঘটনা।এইবাৰ নৱজাতক শিশুৰ গাত পৰিল গৰম তেল। নাৰ্ছৰ ভুলৰ বাবে গৰম তেলে দহিলে দেৱ শিশুৰ গা।

লেবাৰ ৰুমত থকা অৱস্থাত এই দুৰ্ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি নাৰ্ছে শিশুটিৰ ওচৰতে থকা লাইটৰ ওপৰত নাৰিকল তেল গৰম কৰোঁতে সংঘটিত হয় এই ঘটনা। শিশুটিৰ দেহ আৰু মুখমণ্ডল বেয়াকৈ পোৰে গৰম তেলে। নাৰ্ছে ঘটনাটো প্ৰকাশ নকৰিবলৈ পৰিয়ালক দিছিল হেঁচা ।

শনিবাৰে ওদালগুৰি জিলা বেংবাৰী অঞ্চলৰ দীনেশ ৰাভাৰ পত্নীয়ে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত এটি দেৱ শিশুটি জন্ম দিছিল। কিন্তু এই দুৰ্ঘটনা হোৱাৰ বাবে SNCU চিকিৎসাধীন হৈ আছে শিশুটি।

দৈনিক এনেধৰণৰ ঘটনা সংঘটিত হোৱা মঙ্গলদৈৰ অসামৰিক চিকিৎসালয়ৰ প্ৰকৃত তদন্ত হ'বনে সেয়াহে লক্ষ্যনীয়।

আৰু পঢ়ক: নেহৰুবালিত ১৫ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা