অসম

ৰঙিয়াৰ মানৱেন্দ্ৰ ছোৱালী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ আৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : কামৰূপ জিলাৰ ঐতিহাসিক নাৰীৰ শিক্ষানুষ্ঠান ৰঙিয়াৰ মানৱেন্দ্ৰ ছোৱালী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ মঙলবাৰৰ পৰা আৰম্ভ হৈছে। মহাবিদ্যালয়খনৰ ছাত্ৰী একতা সভাৰ উদ্যোগত ৪ দিনীয়াকৈ মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা বাৰ্ষিক সপ্তাহৰ কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ৯-০০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে ছাত্ৰী একতা সভাৰ সভানেত্ৰী কণিকা গোস্বামীয়ে।

ইয়াৰ পিছতে ছহিদ তৰ্পণ আৰু পুৱা ৯-৩০ বজাত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সহযোগত বাৰেৰহণীয়া এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাটি মুকলি কৰে অৰ্থনীতি বিভাগৰ অধ্যাপিকা প্ৰসন্ন দাস বৈশ্যই ।

অধ্যাপিকাগৰাকীয়ে বাৰ্ষিক সপ্তাহত সৰ্বতোপ্ৰকাৰৰ ছাত্ৰীৰ সহযোগিতা আৰু ভৱিষ্যতলৈও শিক্ষাৰ্থীসকলৰ নিজ নিজ প্ৰতিভাক সাফল্যমণ্ডিত হ'বলৈ শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখ্য যে ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক সপ্তাহৰ আজিৰ সাংস্কৃতিক শোভাযাত্ৰাখনি মহাবিদ্যালয়ৰ প্ৰাংগনৰ পৰা আৰম্ভ হৈ চহৰখনৰ মাজমজিয়াৰে এন টি ৰোড হৈ শিৱ মন্দিৰ পথৰ সন্মুখ হৈ পুনৰ মহাবিদ্যালয়ত আহি সামৰণি পৰে।

শোভাযাত্ৰাটিত বাৰেৰহণীয়া বড়ো বিভাগ আৰু শিক্ষা বিভাগে পথাৰত ভূই ৰুৱা,চাহ দিয়া, পৰী, দুৰ্গাৰ ৰূপ, দৰা-কইনা, বিয়াৰ পানীতোলা,বঙালী বিয়াৰ সংস্কৃতি আদি শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰে। ইফালে বুধবাৰে পুৱা ৮-০০ বজাৰ পৰা মহাবিদ্যালয়ৰ চৌহদত খেল,সাংস্কৃতিক, আধুনিক নৃত্য প্ৰতিযোগিতা, ৰন্ধন,ৰংগোলী,ভেশচন,ফেশ্বন প্ৰতিযোগিতাকে ধৰি বিভিন্ন বিভাগৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

বাৰ্ষিক সপ্তাহৰ শেষৰ দিনা ২৩ ফেব্ৰুৱাৰীত দিনৰ ২-০০ বজাত বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হ'ব। মহাবিদ্যালয়খনৰ অধ্যক্ষা কণিকা গোস্বামীয়ে সভাপতিত্ব কৰিবলগীয়া সভাত মুখ্য অতিথি হিচাপে শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ পাৰ্থ ফুকন মহন্ত লগতে নিৰ্দিষ্ট বক্তাৰূপে কাউৰবাহা ফখৰুদ্দিন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ছাহজাহান ছিদ্দিকি উপস্থিত থাকিব ।