অসম

আলহীৰ ঘৰলৈ ফুৰিব আহি সন্ধানহীন উত্তম বসুমতাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰীত কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ এজন ব্যক্তিৰ নিৰুদিষ্ট হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে উত্তম বসুমতাৰী নামৰ লোক জন লুটুমাৰীলৈ ফুৰিব আহিছিল। কিন্তু আলহী ঘৰৰ পৰাই সন্ধানহীন হয় ব্যক্তি জন। পৰিয়ালৰ লোকে বিচাৰি হাবাথুৰি খাইছে যদিও বৰ্তমান পৰ্যন্ত সন্ধান পোৱা নাই।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে পৰিয়ালৰ লোকে। আনহাতে কোনোৱে যদি উত্তম বসুমতাৰীক দেখা পাই তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়- ৯৬৭৮৯৭৭৪০১ আৰু ৬০০০৪৯৯৩৭৮ ।