অসম

ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত মন কি বাতৰ শততম খণ্ড

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত অনুষ্ঠানৰ বাবে ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত ব্যপক প্ৰস্তুতি। মন কি বাত অনুষ্ঠানৰ শততম খণ্ডটিৰ বাবেই সজাই-পৰাই তোলা হৈছে ৰংঘৰৰ লগতে চৌপাশ।দেওবাৰে অনুষ্ঠিত হ'ব শীৰ্ষক অনুষ্ঠানটি।

কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত, পুৰাতত্ব বিভাগৰ সহযোগত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হ'ব মন কি বাত শীৰ্ষক অনুষ্ঠানটি। উল্লেখ্য যে অসমৰ ৰংঘৰসহ দেশৰ মুঠ ১৩টা প্ৰাচীন কীৰ্তিচিহ্নৰ চৌহদত ‘মন কী বাত’ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অৱশ্যে মন কি বাত অনুষ্ঠানৰ বাবে আলোকসজ্জাৰে সজ্জিত কৰা ৰংঘৰৰ সৌন্দৰ্যকলৈয়ো একাংশই সমালোচনা কৰে।