অসম

খুমটাইত বন্যহস্তীৰ সন্ত্ৰাস

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাটঃ এজাক হাতীয়ে জনাঞ্চলত বিচৰণ কৰাত শংকিত হৈ পৰিছে গঁঞা ৰাইজ । আৱৰঘাট পাৰ হৈ অহা হাতীৰ এটা জাকটোৱে খুমটাইত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে খুমটাই হালধীবাৰীৰ এখন হাবিত অৱস্থান কৰিছে হাতীৰ জাকটো । তহিলং কৰিছে কৃষিভূমি । ফলত ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে বন্যহস্তীৰ জাকটোৱে । ৰাইজে বনবিভাগক অতি শীঘ্ৰেই হাতীৰ জাকটোক খেদি পঠাবলৈ আহ্বান জনায়।