অসম

চতিয়াত চুৰি স্কুটিসহ এজনক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াত চুৰি স্কুটি বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল এটা গভাইত চোৰ ৷ চতিয়াৰ খনাগুৰিত এগৰাকী যুৱকৰ লগত দুদিন পূৰ্বে চিনাকী হোৱা স্কুটি চোৰটোৱে বৃহস্পতিবাৰে বিয়লি চতিয়াত উপস্থিত হৈ যুৱকজনক লগ কৰি এখন নম্বৰ প্লেট বিহীন এখন নতুন স্কুটি বিক্ৰী বাবে অনা কথা জনায় ৷ নতুন স্কুটিৰ মূল্য অতিপাত কম হোৱাৰ বাবে চতিয়াৰ যুৱকজনৰ সন্দেহ হোৱাত চতিয়া আৰক্ষীৰ লগত যোগাযোগ কৰে৷

ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হোৱাত উৰহী গছৰ ওৰ ওলাই পৰে ৷ স্কুটি বিক্ৰী কৰিবলৈ অহা চোৰটো অৰুণাচলৰ পাপুম পাৰে জিলাৰ ছাগালী গাঁৱৰ নাবাম টপো বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ অনুসন্ধানত জানিব পৰা গ’ল যে অৰুণাচলৰ কল’ৰিংৰ জিঅগি ইয়াপোম নামৰ এগৰাকী ব্যক্তিৰ নামত পঞ্জীয়ন হৈ থকা TVS- NTROQ স্কুটি চুৰি কৰি বিক্ৰী কৰিবলৈ আনিছিল ধৃত নাবাম টপোয়ে ৷ ইতিমধ্যে চতিয়া আৰক্ষীয়ে ধৃত চোৰটোক জেৰা অৱ্যাহত ৰাখিছে ৷