মাজুলী

এশ দিনৰ ভিতৰত ভূপেন বৰাৰ চকী যাবঃপীযুষ হাজৰীকা

Asomiya Pratidin

ডিজিটেল সংবাদ, মাজুলীঃ ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ধুমুহাৰ গতিত অভিযান চলাইছে মন্ত্ৰী পীযুষ হাজৰীকাই। মঙলবাৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতত মাজুলীৰ ৰাৱনাপাৰত চাৰি শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰে বিজেপিত।

মাজুলী কংগ্ৰেছৰ প্ৰাক্তন প্ৰশাসনিক সম্পাদক ফীজু দত্তৰ লগতে শংকৰ জ্যোতি হাজৰিকাই যোগদান কৰে বিজেপিত। মাজুলীৰ বনগাঁৱত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। মাজুলীৰ সকলো সমস্যা এটা এটাকৈ নাইকিয়া কৰিব বুলি নিৰ্বাচনী সভাত মন্তব্য কৰে পীযুষ হাজৰীকাই।

তেওঁ লগতে কয় মাজুলীত কংগ্ৰেছৰ গড়া খহনীয়া হৈছে। এই খহনীয়াই বিজেপিক মাজুলীত অধিক শক্তিশালী কৰিব। মাজুলীত ৫০ৰ পৰা ৫৫ হাজাৰ অধিক ভোটত আগবাঢ়িব বুলি আশাবাদী পীযুষ হাজৰীকা। লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে ভূপেন বৰাৰ চুগাৰ প্ৰেচাৰ বাঢ়িছে, তেখেতক চিকিৎসাৰ প্ৰয়োজন বুলি মন্তব্য পীযুষ হাজৰিকাৰ।

ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ গাদীৰ কথা চিন্তা কৰিব নালাগে, কংগ্ৰেছ দলটোক ৰক্ষাৰ কথা চিন্তা কৰিবলৈ আহ্বান জনালে মন্ত্ৰী হাজৰীকাৰ। অৱশিষ্ট আধাতকৈ বেচি কংগ্ৰেছ কৰ্মীয়ে এই কেইদিনতে বিজেপিত যোগদান কৰিছে। এশ দিনৰ ভিতৰত ভূপেন বৰাৰ চকী যাব বুলি মন্তব্য পীযুষ হাজৰিকাৰ।