Akhil Gogoi suspended from Assam assembly
Akhil Gogoi suspended from Assam assembly 
মাজুলী

মাৰ-ধৰ! মাজুলীত অখিলৰ নিৰ্বাচনী সভা বাতিল

Asomiya Pratidin

ডিজিটেল সংবাদ,মাজুলীঃ লুইত খাবলো অঞ্চলত গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি দিয়াক লৈ শাসকীয় পক্ষৰ কৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীক মাৰ-ধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অখিল গগৈৰ প্ৰচাৰ সভাৰ পৰা উভতাৰ পথত উক্ত ঘটনাটো সংঘটিত হয়। তথ্য অনুসৰি, ১৬ মাইলত মুকুল পেগুৰ নেতৃত্বত এটি দলে প'ক নৰহ,কৃষ্ণ পায়েং,হৰকান্ত পায়েং আৰু নিৰ্বান্দ পগাগক আক্ৰমণৰ লক্ষ্য কৰি লয়।

ইতিমধ্যে মুকুল পেগুৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানত গোচৰ ৰুজু কৰিছে ৰাইজৰ দলে। আনহাতে উক্ত ঘটনাক লৈ গড়মূৰ ৰাজীৱ ভৱন ভিৰ কৰে শ শ কংগ্ৰেছ কৰ্মী আৰু ৰাইজৰ দলৰ কৰ্মীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে সাজু হৈ আছে গড়মূৰ আৰক্ষী। উল্লেখ্য যে, আৰক্ষী প্ৰশাসনক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে ৰাইজৰ দলে।