অসম

লুইতৰ বুকুত পুনৰ অঘটন: সন্ধানহীন নিমাতীৰ পৰা কমলাবাৰী অভিমুখী ফেৰী...

Asomiya Pratidin

ডিজিটেল ডেস্ক : মাজুলীৰ লুইতৰ বুকুত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। লুইতৰ বুকুত সন্ধানহীন হৈ পৰিছে এখন যাত্ৰবাহী ফেৰী। নিমাতীৰ পৰা কমলাবাৰী অভিমুখী আছিল উক্ত ফেৰীখন।

ফেৰীখনৰ নাম এম ভি লোহিত। ফেৰীখনত আছিল ১৩৪গৰাকী যাত্রী, ৩২খন বাইক। নিমাতীৰ পৰা ১.৩০ বজাত ৰাওনা হৈছিল ফেৰীখন। ঘন কুঁৱলীৰ বাবেই ফেৰীখন সন্ধানহীন হোৱাৰ সন্দেহ। উল্লেখ্য যে, ফেৰীখনৰ সন্ধানত কমলাবাৰীৰ পৰা ইতিমধ্যেই ৰাওনা হৈছে এছ ডি আৰ এফ বাহিনী।