অসম

পৰিত্যক্ত অৱস্থাত আছে ১২.৫ লাখ টকীয়া মাজগাঁৱৰ উপ স্বাস্থ্য কেন্দ্ৰ

asomiyapratidin

পৰিত্যক্ত অৱস্থাত আছে ১২.৫ লাখ টকীয়া মাজগাঁৱৰ উপ স্বাস্থ্য কেন্দ্ৰ

 ডিজিটেল সংবাদ, বোকাজান : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে কোৰোনাৰ বিভীষিকা। চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ দৃশ্য এইকন অসমত বহু সময়ত পোহৰলৈ  আহিছে। বহু ঠাইত চিকিৎসাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে সাধাৰণ জনতাই। সাধাৰন ৰাইজৰ অসন্তোষ্টি প্ৰকাশ পায় থকাৰ সময়তে বোকাজানৰ এটা উপ স্বাস্থ্যকেন্দ্ৰই উদঙাইছে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। ২০১৬-১৭ বৰ্ষতে মুকলি হোৱা মাজগাঁৱৰ এটা উপ স্বাস্থ্য কেন্দ্ৰ আজি পৰ্যন্ত নিৰ্মিয়মান অৱস্থাত আছে  আজিকোপতি সম্পূৰ্ণ নহোৱা উপ স্বাস্থ্য কেন্দ্ৰটোৰ বাবে কেইবাটাও অঞ্চলৰ লোকে চিকিৎসাৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিব লগা হৈছে ।

প্ৰায় ৪০০ পৰিয়ালে চিকিৎসাৰ বাবে বহু দূৰ দূৰলৈ যাব লগা হয়। উল্লেখ যোগ্য ১২.৫ লাখ টকা ধাৰ্য কৰা হৈছিল উপ কেন্দ্ৰটোৰ নামত। ৪টা বছৰে কেন্দ্ৰটো সম্পূৰ্ণ হৈ নুঠাত যঠেষ্ট সমস্যাৰ সৃষ্টি হৈছে গাঁওবাসীৰ। আবন্তন হোৱা সিংহ ভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে একাংশই। উপ কেন্দ্ৰ নিৰ্মাণৰ কাৰ্য এনেদৰেই আধৰুৱা হৈ পৰি ৰ'ব নেকি  তাক লৈ চিন্তাত পৰিছে গাঁওবাসী । কোৰোনাৰ এই সংকটৰ সময়ত অসমৰ স্বাস্থ্য বিভাগৰ লগতে  কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদীয় মন্ত্ৰী কলকক এই বিষয়টোত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে ভূক্তভুগী ৰাইজে।