অসম

মাজবাটতত বন বিভাগৰ অভিযানত চোৰাং কাঠ সহ ট্ৰেক্টৰ জব্দ…

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাং: অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ সমান্তৰালভাৱে বন বিভাগেও অবৈধ ৰাখিছে বন ধ্বংসকাৰী আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান। মাজবাট আঞ্চলিক বন বিভাগৰ বৃহৎ সফলতা। চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে যোৱানিশা মাজবাট আঞ্চলিক বন বিভাগে এক অভিযান চলাই জব্দ কৰে অবৈধ চোৰাং কাঠ ভৰ্তি এখন ট্ৰেক্টৰ।

যোৱা নিশা মাজবাটৰ লামাবাৰি অঞ্চলৰ পৰা মাজবাট আঞ্চলিক বন বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ লগতে এখন নম্বৰপ্লেট বিহীন ট্ৰেক্টৰ। অভিযান কালত মাজবাট আঞ্চলিক বন বিভাগৰ দলটোক দেখি এন্ধাৰৰ সুযোগ লৈ চোৰাং কাঠৰ সৰবৰাহৰাৰি দলটো পলাই যাবলৈ সক্ষম হ'য়।

বন বিভাগে জব্দ কৰা অবৈধ চোৰাং কাঠৰ পৰিমাণ প্ৰায় ১৫০ কেপি বুলি জানিবলৈ দিছে মাজবাট আঞ্চলিক ভাষাৰ বিভাগে। বন বিভাগে জব্দ কৰা চোৰাং কাঠখিনিৰ মূল্য প্ৰায় ১ লাখ ৩০ হাজাৰ টকাৰ বুলি বন বিভাগে সদৰী কৰিছে। চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে মাজবাট আঞ্চলিক বন বিভাগে অভিযান অব্যাহত ৰাখিছে বুলি সদৰি কৰিছে মাজবাট আঞ্চলিক বন বিভাগে।