অসম

আজিৰে পৰা মথুৰাপুৰ কৈলাস শিৱধামত তিনিদিনীয়াকৈ মহা শিৱৰাত্ৰি

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ আজি মহা শিৱৰাত্ৰি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিৱক আৰাধনা কৰা হ'ব। ব্যতিক্ৰম নহয় মথুৰাপুৰৰ কৈলাস শিৱধাম। মথুৰাপুৰৰ কৈলাস শিৱধাম মন্দিৰ লৈ বৈছে ভক্তৰ সোঁত ৷

মহা শিৱৰাত্ৰি উপলক্ষে শনিবাৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা আৰু বন্দনাৰে মুখৰিত হৈ পৰে মথুৰাপুৰ ৷ তিনিদিনীয়া কৈ কাৰ্যসূচীৰে আৰম্ভ হোৱা মহা শিৱৰাত্ৰি উপলক্ষত কৈলাস শিৱধাম মন্দিৰত পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে ধূপ-ধূণা, গাখীৰ আৰু ভোগ, নৈবেদ্যৰে শিৱলিংগত পূজা পাৰ্বণ কৰি মনোবাঞ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা জনায় ৷