অসম

ধেমাজিৰ ঐতিহ্যমণ্ডিত ঘূগুহা দ’লত তিনিদিনীয়াকৈ মহাশিৱৰাত্ৰি উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ ,ধেমাজিঃ সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো ঐতিহাসিক ঘুগুহা দ’লত ঘূগুহা উন্নয়ন কমিটিৰ উদ্যোগত তিনিদিনীয়াকৈ ৭১তম শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি মহোৎোৱ উদযাপন কৰা হৈছে ৷ পুৱা চাকি প্ৰজ্বলন আৰু শৰাই স্থাপন কৰাৰ পিছতে ভাগৱত পাঠ ,হৰিনাম পৰিৱেশনেৰে শিৱক আৰাধানা কৰা হৈছে ৷

শনিবাৰে পুৱাৰে পৰা ধেমাজি জিলা বিভিন্ন প্ৰান্তৰ পৰা অহা অগগনন ভক্তই হাতে হাতে নৈবদ্য লৈ ঘূগুহা দ’ল ত ভিৰ কৰে ৷ ইপিনে ২২৮ বিঘা ভূমিৰে আৱৰা ঐতিহাসিক ঘূগুহা দ’লক সংৰক্ষণ আৰু সংবৰ্ধনৰ জৰিয়তে পৰ্যটন থলী হিচাপে গঢ় দিবলৈ চৰকাৰৰ পৰ্যটন বিভাগক আহ্বান জনাইছে ঘূগুহা দ’ল উন্নয়ন কমিটিয়ে ৷