অসম

মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠানৰ সফল সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠানৰ মঙলবাৰে পুৱতি নিশা সফল সামৰণি পৰে । সমাৰোহৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি আজি পুৱা বিদ্যালয় চৌহদৰ পৰা উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই বিভিন্নজনৰ মন মুহিবলৈ সক্ষম হয় ।

কৌতুক অভিনেতা অৰুণ হাজৰিকা

অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ হাজৰিকাই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত কাষৰীয়া বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপৰি স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি অসমৰ বিহু, ঝুমুৰ, জিকিৰ আদিৰ লগতে থলুৱা বিভিন্ন কৃষ্টি-সংস্কৃতিক প্ৰতীকি অৰ্থত সুন্দৰভাৱে উপস্থাপন কৰে।

বিয়লি উদযাপন সমিতিৰ সভাপতি আলিম আহমেদৰ সভাপতিত্বত বহা মুকলি সভাখন উদ্বোধন কৰে অসম মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই । মহাৰজত জয়ন্তী উপলক্ষে উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা 'মথুৰাপুৰ' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই । সভাত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে । নিশালৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়া পাচতেই অনুষ্ঠানৰ সফল সমাপ্তি ঘটে