অসম

বৈকুন্ঠপুৰীলৈ ৰূপান্তৰিত হ'ল জামুগুৰিহাটৰ পাচিগাঁৱৰ বাসুদেৱ থান অঞ্চল

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ পাচিগাঁওস্থিত বাসুদেৱ থান প্ৰাঙ্গনত সমূহ পৰাজুলিৰ পৰিয়ালবৰ্গই স্থানীয় ৰাইজৰ সহযোগত চাৰি দিনীয়াকৈ আয়োজন কৰা শ্ৰীমদ্ভাগৱত পাঠ ও জ্ঞান মহাযজ্ঞ অনুষ্ঠান শুকুৰবাৰে সম্পন্ন হয় ৷ মানৱ কল্যান ও শান্তি সম্প্ৰীতিৰ হকে আয়োজিত এই মহাযজ্ঞই বাসুদেৱ থান অঞ্চলটিক বৈকুন্ঠ নগৰীলৈ ৰূপান্তৰিত হয় ৷

জামুগুৰিহাটৰ পাচিগাঁৱৰ বাসুদেৱ থানত আয়োজিত অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী মৰ্মে জীয়া ভৰলী নৈৰ পৰা কলচিত পানী ভৰাই জল যাত্ৰা কৰাৰ উপৰিও নন্দোৎসৱ অনুষ্ঠিত হয় ৷ ইয়াৰ লগতে ১ লাখ বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত হেজাৰ হেজাৰ ভক্তই অংশগ্ৰহণ কৰি সম্পূৰ্ণ মাংগলিক নিয়মৰে উলহ মালহৰে উদযাপন কৰে।

গুৰুজনাৰ আদৰ্শৰে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে আয়োজিত পৱিত্ৰ অনুষ্ঠানটিত ভাগৱত পাঠৰ মূল ব্যাখ্যা আগবঢ়ায় নগাঁও জিলাৰ মিছাৰ নিবাসী প্ৰবচক হৰি প্ৰসন্ন ভট্টৰায়ে ।