অসম

ওদালগুৰি কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ওদালগুৰি কাণ্ডৰ সবিশেষ তদন্তৰ জাননী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ। ওদালগুৰি জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ে বুধবাৰে এক বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা ২৪ ফেব্ৰুৱাৰীত ধনশ্ৰীখুটিত আৰক্ষীৰ গুলিত নিহত হৈছিল এজন লোক। উক্ত লোকজনৰ ঘটনাৰ বিষয়ে তদন্তৰ বাবে ওদালগুৰি জিলাৰ জিলা দণ্ডাধীশে এক নিৰ্দেশনাযোগে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত জাৰি কৰিছে।

বিজ্ঞপ্তিত উল্লেখ থকা অনুসৰি মহকুমা সদৰ শ্যামন্ত বাৰাক এই দায়িত্ব অৰ্পণ কৰা হৈছে। ১৫ দিনৰ ভিতৰত উক্ত ঘটনাৰ সবিশেষ তদন্ত কৰি ইয়াৰ ৰিপোৰ্ট জিলা দণ্ডাধীশক দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।