অসম

মাঘী পূৰ্ণিমাত উদুলি মুদুলি বটদ্ৰৱাৰ দৌল মন্দিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পৱিত্ৰ মাঘী পূৰ্ণিমা তিথি উপলক্ষে শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমনত উদুলি-মুদুলি হৈ পৰে গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱা থান। শ শ বছৰৰ পৰম্পৰাৰে এইবছৰো মাঘী পূৰ্ণিমা উৎসৱটি বটদ্ৰৱা থানত দিনযোৰা কাৰ্য্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হৈছে।

জাতীয় সাজ পৰিধান কৰি বটদ্রৱা থানৰ কীৰ্তনঘৰ,পদশিলা, দৌল মন্দিৰত এভাগ তেল বন্তি সেৱাৰ নৈবেদ্য আগবঢ়াই হেজাৰ হেজাৰ ভক্তই আশীষ নিৰ্মালী গ্রহণ কৰে।