অসম

মদনপুৰ টোলগেট কৰ্তৃপক্ষৰ উদ্যোগত টোলগেটৰ কৰ্মচাৰীৰ কোভিড পৰীক্ষা…

asomiyapratidin

ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰস্থিত টোলগেটৰ পুৰুষ মহিলাকে ধৰি ১৩৯ গৰাকী কৰ্মচাৰীৰ বৃহস্পতিবাৰে কোভিড পৰীক্ষা কৰা হয়। মদনপুৰ টোলগেট কৰ্ত্তৃপক্ষৰ উদ্যোগত দিনৰ প্ৰায় ১১ বজাৰ পৰা অনুষ্ঠিত কৰা উক্ত কোভিড পৰীক্ষা শিবিৰত কমলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ পৰা যোৱা চিকিৎসাকৰ্মীৰ এটা দলে মদনপুৰ হাইস্কূলত উক্ত কোভিড পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। মদনপুৰ টোলগেট কৰ্ত্তৃপক্ষৰ উদ্যোগত গ্ৰহণ কৰা বৃহস্পতিবাৰৰ কোভিড পৰীক্ষাৰ প্ৰতিবেদন মৰ্মে আটাইকেইগৰাকী কৰ্মচাৰী কোভিডমুক্ত বুলি জানিবলৈ দিয়ে।

বৃহস্পতিবাৰে কোভিড পৰীক্ষা কৰা কৰ্মচাৰী সকলৰ ভিতৰত ১৪ গৰাকী কৰ্মচাৰীয়ে আৰ টি পি চি আৰ (RTPCR) পৰীক্ষাও কৰোৱা বুলি চিকিৎসাকৰ্মীয়ে জানিবলৈ দিয়ে। আনহাতে এই পৰীক্ষাৰ সময়ত টোল গেটৰ ২৮ গৰাকী কৰ্মচাৰী কভিড পৰীক্ষা কৰোৱাৰ পৰা বিৰত থকে। ইয়াৰ ভিতৰত মদনপুৰ গাঁৱৰ ১৪ গৰাকী, ডেউদুৱাৰৰ ২ গৰাকী আৰু আলিপূবৰ লগতে নিকটৱৰ্ত্তী গাঁৱৰ ১২ গৰাকী বুলি টোলগেট কৰ্ত্তৃপক্ষয় জানিবলৈ দিয়ে। টোলগেট কৰ্ত্তৃপক্ষয় উক্ত কৰ্মচাৰীসকলৰ ওপৰত স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হব বুলি অৱগত কৰাৰ লগতে কভিড পৰীক্ষাৰ প্ৰতিবেদন জমা নাদিয়ালৈকে টোলগেটত যোগদান কৰিবলৈ দিয়া নহ'ব বুলি অৱগত কৰে।