অসম

মাজুলীত এম.ভি.গংগা বিলাস : বিদেশী পৰ্যটকসকলক বিহু নৃত্য প্ৰদৰ্শন কৰি উষ্ম আদৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, মাজুলী : বিশ্বৰ দীৰ্ঘতম প্ৰমোদ তৰী 'এম.ভি.গংগা বিলাস' সোমবাৰে পুৱা ৭ বজাত বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীত উপস্থিত হয় ৷ জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাৰ নেতৃত্বত অতিৰিক্ত উপায়ুক্ত তথা সহকাৰী আয়ুক্তসকলৰ উপস্থিতিত মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত এম.ভি.গংগা বিলাসত ভ্ৰমণৰত বিদেশী পৰ্যটকসকলক কমলাবাৰী পাৰঘাটত বিহু নৃত্য প্ৰদৰ্শন কৰি উষ্ম আদৰণি জনায়।

ইয়াৰ পাছতে পৰ্যটকসকলে জিলাখনৰ ঐতিহাসিক আউনীআটী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ আৰু চামগুৰি সত্ৰ ভ্ৰমণ কৰে। উক্ত ভ্ৰমণৰ সময়ত আউনীআটী সত্ৰৰ মাটি আখৰা, উত্তৰ কমলাবাৰী সত্ৰৰ গায়ন-বায়ন আৰু চামগুৰি সত্ৰৰ মুখাশিল্প পৰিদৰ্শন কৰি অভিভূত হয়।

পুৱা ১১ বজাত পৰ্যটকসকলে নদীদ্বীপ মাজুলীৰ পৰা যোৰহাট অভিমুখে ৰাওনা হয় বুলি জানিবলৈ দিয়ে।