একেদিনাই চন্দ্ৰগ্ৰহণ আৰু বুদ্ধ পূৰ্ণিমা
একেদিনাই চন্দ্ৰগ্ৰহণ আৰু বুদ্ধ পূৰ্ণিমা  
অসম

একেদিনাই চন্দ্ৰগ্ৰহণ আৰু বুদ্ধ পূৰ্ণিমা মহাসংযোগ, কোনটোত অধিক গুৰুত্ব দিব? জ্যোতিষ শাস্ত্ৰই কি কয়?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে এক বিৰল দিন । একেদিনাই চন্দ্ৰগ্ৰহণ আৰু বুদ্ধ পূৰ্ণিমা মহাসংযোগ । আজিৰ দিনটোত ১৩০ বছৰৰ পিছত বুদ্ধ পূৰ্ণিমাত লাগিব চন্দ্ৰগ্ৰহণ । এই লৈ দেশবাসী উৎসাহিত হৈ আছে ।

বুদ্ধ পূৰ্ণিমা ৪ মে’ৰ নিশা ১১ বাজি ৪৪ মিনিটত আৰম্ভ হৈছে । আৰু ৫ মে’ৰ নিশা ১১ বাজি ৪ ছেকেণ্ডত সমাপ্তি হ’ব । বহাগ পূৰ্ণিমাৰ দিনাখন গৌতম বুদ্ধৰ জন্ম হৈছিল । বুদ্ধৰ জন্ম দিনটোত পালন কৰা হয় ‘বুদ্ধ পূৰ্ণিমা’ বা বৈশাখ পূৰ্ণিমাৰ ।

ইয়াৰ বিপৰীতে ২০২৩ বৰ্ষৰ চন্দ্ৰগ্ৰহণো লাগিব আজিৰ দিনটোতে । নিশা ৮:৪৫ বজাৰ পৰা আৰম্ভ হৈ গ্ৰহণৰ অন্ত পৰিব ১:০০ বজাত ।

একে দিনতে চন্দ্ৰগ্ৰহণ আৰু বুদ্ধ পূৰ্ণিমা পৰিলেও কিন্তু ভাৰতত চন্দ্ৰগ্ৰহণৰ প্ৰভাব নপৰিব বুলি জোতিষীয়ে জনাইছে ।

দেশবাসীয়ে এইবাৰ দেখিবলৈ নাপাব চন্দ্ৰগ্ৰহণ । ইয়াৰ বিপৰীতে ইউৰোপ, এছিয়া, অষ্ট্ৰেলিয়া, আফ্ৰিকা, এন্টাৰ্কটিকাকে ধৰি বিভিন্ন স্থানত গ্ৰহণৰ পৰিব প্ৰভাব ।