অসম

এইবাৰ ভাং সৰবৰাহকাৰী ৰূপত মহিলা গেং

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ এইবাৰ ভাং সৰবৰাহকাৰী ৰূপত মহিলা গেং। লামডিং ৰেলৱে জংচনত আৰক্ষীৰ জালত বিহাৰৰ ভাং সৰবৰাহকাৰীৰ বৃহৎ দল।

লামডিং ৰেলৱে জংচনত বৃহৎ পৰিমানৰ ভাং সহ ১৩ গৰাকী বিহাৰৰ মহিলা আটক। আৰপিএফৰ চি আই বি (CIB) দলৰ গোপন সূত্ৰ অনুযায়ী নামনিমুৱা কাঞ্চনজঙ্ঘা ৰেখনৰ পৰা তালাচী চলাই ১৩ গৰাকী মহিলাৰ পৰা ৪০ টা পেকেটত প্ৰায় ২২কেজি ভাং জব্দ কৰে।

আগৰতলাৰ আমবাসাৰ পৰা বিহাৰৰলৈ ভাংখিনি সৰবৰাহ কৰাৰ সময়তে লামডিং ৰেলৱে জংচনত জব্দ হয় ৷ জব্দ কৰা ভাংখিনিৰ বজাৰ মূল্য প্ৰায় ২ লাখ টকাৰো অধিক হ'ব বুলি জানিব পৰা গৈছে।