lumding
lumding 
অসম

লামডিং ষ্টেচনত কেন্টিন লিজত দিয়াৰ নামত লাখ টকা আত্মসাৎ ৰে'লৱে কৰ্মচাৰীৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিঙ :- প্ৰৱঞ্চনাৰে লাখ লাখ টকা সংগ্ৰহ কৰি চাৰি বছৰে পলাতক হৈ থকা কুখ্যাত প্ৰৱঞ্চক তথা লামডিং ৰে'লৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক আটক কৰে লামডিঙ আৰক্ষীয়ে ৷

যোৱা এমাহৰ পূৰ্বে লামডিঙ মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ লাখ লাখ টকা আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হৈছিল তিনিজনকৈ ৰে'লৱে কৰ্মচাৰী ৷ সেই ঘটনা তদন্ত চলি থকাৰ সময়তে পুনৰ তেনে এক ঘটনা পোহৰলৈ আহে ৷

ৰে'লৱে পানী যোগান বিভাগত কৰ্মৰত দীপক কুমাৰ ওজা নামৰ এজন ৰে'ল কৰ্মচাৰীয়ে ৰে'লৱে ষ্টেচনত কেন্টিন লিজত দিয়াৰ প্ৰলোভনেৰে হোজাই, ডবকা, নীলবাগান, মোৰাঝাৰ, লংকা, লামডিং আদি অঞ্চলসমূহৰ অসংখ্য লোকৰ পৰা দীপক কুমাৰ ওজাই সংগ্ৰহ কৰিছিল কেইবা লক্ষ্যাধিক টকা ৷ ইয়াৰোপৰি অভিযোগ অনুসৰি দীপক ওজাই একাংশ লোকক ৰে'লৱে চাকৰি দিয়াৰ নামতো সংগ্ৰহ কৰিছিল ধন ৷ কেইমাহ মানৰ পিছতেই দীপক ওজাই চাকৰি পৰা অৱসৰ লয় ৷

অৱসৰ হোৱাৰ পিছতেই ভুক্তভোগীসকলক প্ৰৱঞ্চনা কৰি দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল প্ৰৱঞ্চক ওজা ৷ মঙলবাৰে লামডিঙ থানাত ডবকাৰ এজন সাংবাদিকে তথ্য সহকাৰে ১৮৬/২২ নং গোচৰ ৰুজু কৰাত লামডিং আৰক্ষীয়ে আজি প্ৰৱঞ্চকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

হোজাই জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰা আৰু উপ পৰিদৰ্শক অংকুৰ কাকতিৰ তৎপৰতাত মাত্ৰ দুঘন্টাৰ ভিতৰতে কৰায়ত্ত কৰিবলৈ সক্ষম প্ৰৱঞ্চক দীপক ওজাক ৷

দীপক ওজাৰ স্বীকাৰোক্তি মতে তেওঁৰ লগত ৰে'লৱে কৰ্মচাৰী বৰ্তমান অৱসৰ প্ৰাপ্ত সমীৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিও জড়িত আছিল চাকৰি তথা কেন্টিন লিজতৰ নামত ধন সংগ্ৰহ কৰাৰ ঘটনাত ৷ আৰক্ষী তদন্তৰ পিছতহে পোহৰলৈ আহিব আৰু কোন কোন জড়িত আছিল এই ঘটনাৰ লগত।