অসম

অনলাইনৰ অফাৰে মাধমাৰ সোধাইছে লামডিঙৰ বজাৰত

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ শাৰদীয় দুৰ্গা উৎসৱ উপলক্ষে লামডিঙৰ চৌদিশে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । এফালে যদি চন্দ্ৰযান-৩ৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে আনফালে আকৌ ১৩৯ বছৰ অতিক্ৰম কৰা কালিবাড়ীৰ ঐতিহাসিক দুৰ্গা মা প্রতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃত শিল্পীসকল।

কিন্তু ইয়াৰ মাজতেই অনলাইনে কোঙা কৰিলে লামডিংৰ ক্ষুদ্ৰ আৰু প্ৰতিষ্ঠিত নামি-দামী বিপনী সকলক৷ লামডিং দৈনিক বজাৰৰ বিপনিসমূহত আগৰ তুলনাত নাই গ্ৰাহক। লামডিং ক্ষুদ্ৰ বিপনিসমূহত গ্ৰাহকৰ ভিৰ নোহোৱাত মূৰে কপালে হাত দিব লগা হৈছে ব্যৱসায়ী আৰু কৰ্মচাৰী সকলে।

দোকানৰ মালিক সকলে দুখ প্ৰকাশ কৰি কয় যে, পূজাৰ সময়চোৱাত এইবাৰ দোকানত নাই পূজাৰ পৰিৱেশ। বিপনীবোৰত পূজাৰ সামগ্ৰী সকলো মজুত ৰাখিছে যদিও নাই এজনো গ্ৰাহক। লাখ লাখ টকা ব্যয় কৰি দোকানীসকলে নতুন নতুন কাপোৰ আনিছে যদিও বৰ্তমান সময়ত অনলাইন বিক্রেতাই সকলো শ্ৰেণী গ্ৰাহকক এফালৰ পৰা গ্ৰাস কৰি নিছে।

গ্ৰাহকে দোকানৰ পৰা বজাৰ কৰা সলনি অনলাইন জৰিয়তে বজাৰকৰা পৰিলক্ষিত হৈছে । যাৰ ফলত অৰ্থনৈতিক দিশত আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে লামডিং বজাৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ ।