lumding
lumding 
অসম

লামডিঙৰ গুলীচালনা ঘটনাৰ বুজ ল'বলৈ উপস্থিত জি পি সিং, দুজনক আটক...

Asomiya Pratidin

ডিজিটেল ডেস্ক : লামডিঙত শুকুৰবাৰে এক গুলীচালনাৰ ঘটনা সংঘটিত হয়। এগৰাকী অৱসৰপ্ৰাপ্ত ৰে'লৱে কৰ্মচাৰীক লক্ষ্য কৰি দুৰ্বৃত্তই চলাইছিল গুলী। কৰ্মচাৰী গৰাকীৰ মূৰ আৰু ডিঙিত গুলী লগাত তেখেতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু কি কাৰণত গুলীচালনাৰ দৰে ঘটনা সংঘটিত হ'ল সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে লামডিঙৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে দুজন ব্যক্তিক। গুলীচালনা ঘটনাৰ লগত জড়িত থকা সন্দেহত সোধা পোছাৰ বাবে আটক কৰিছে ব্যক্তি দুগৰাকীক।

ঘটনা সংক্ৰান্তত অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ ঘটনাৰ তদন্ত তথা বুজ ল'বৰ বাবে লামডিঙত উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, মধ্য অসমৰ ডি.আই.জি সত্য ৰাজ হাজৰিকাসহ হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুন পুৰুকায়স্থ। সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত ৷