নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ ড০ জগন্নাথ বিশ্বকৰ্মাক ইউৰোপীয় চিনক্ৰ’ট্ৰন ৰেডিয়েচন ফেচিলিটি প্ৰদান...

নগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ ড০ জগন্নাথ বিশ্বকৰ্মাক ইউৰোপীয় চিনক্ৰ’ট্ৰন ৰেডিয়েচন ফেচিলিটি প্ৰদান...

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও কলেজৰ ২০০৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ কৃতীমান ছাত্ৰ অসম সন্তান ড০ জগন্নাথ বিশ্বকৰ্মালৈ ইউৰোপীয় চিনক্ৰ’ট্ৰন ৰেডিয়েচন ফেচিলিটি (ই এছ আৰ এফ)ত উদাৰ বিমটাইম প্ৰদান কৰা হৈছে । এছ আৰ এফ হৈছে ফ্ৰান্সৰ গ্ৰে গেনোবলত অৱস্থিত এক যৌথ গৱেষণা কেন্দ্ৰ, যিটো ২২খন দেশৰ দ্বাৰা সমৰ্থিত। ব্ৰিটেইনৰ ব্রিষ্টল বিশ্ববিদ্যালয়ৰ পৰা কোনোবাই XMaS, ESRF ত গৱেষণা কৰাৰ সুযোগ লাভ কৰিছে ৷

ই এছ আৰ এফত জগন্নাথ আৰু তেওঁৰ গৱেষণাৰ দলটোৱে এক্স-ৰে ব্যৱহাৰ কৰি লোহাৰ খনিজ নেন’ পদাৰ্থৰ পৰা কেনেকৈ জটিল ধাতু উলিয়াব পাৰি সেই বিষয়ে অনুসন্ধান কৰাৰ লক্ষ্য ৰাখিছে। এনে পৰীক্ষাৰ প্ৰতি ঘণ্টাত হাজাৰ হাজাৰ ইউৰো খৰচ হয়। জগন্নাথে তেওঁৰ গৱেষণাৰ বাবে ১৪৪ ঘণ্টা সময় লাভ কৰিছে যাৰ বাবে কেইবা হাজাৰ ইউৰো খৰচ হ’ব। এই পৰীক্ষাসমূহৰ ফলাফলে নবীকৰণযোগ্য প্ৰযুক্তিত ব্যৱহৃত জটিল ধাতুসমূহ নিষ্কাশন কৰিব পৰা নতুন নেন’পদাৰ্থ প্ৰস্তুত কৰাত সহায় কৰিব।

ড° জগন্নাথে আমেৰিকাৰ প্ৰতিষ্ঠিত জিঅ’কেমিকেল ছ’চাইটিৰ ব’ৰ্ডৰ সঞ্চালক পদৰ বাবেও মনোনীত হৈছে। এই পদত জগন্নাথে ভূ-ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত ইয়াৰ গৱেষণা দৃষ্টিভংগী পৰিকল্পনা আৰু বিশ্বত ইয়াৰ প্ৰয়োগ সৃষ্টি কৰাত সহায় কৰিব। এজন প্ৰাৰম্ভিক কেৰিয়াৰ গৱেষক হিচাপে জগন্নাথে নেতৃত্ব আৰু যুৱ বিজ্ঞানীৰ মাজৰ ব্যৱধান দূৰ কৰিব পৰা নীতি সৃষ্টি কৰাৰ আশা কৰিছে। ২০১৭ চনৰ পৰা জিঅ’কেমিকেল ছ’চাইটিৰ সৈতে জড়িত জগন্নাথে শেহতীয়াকৈ বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বাবে তেওঁলোকৰ সামৰ্থ্য বিকাশ কাৰ্যসূচীত অৰিহণা যোগাইছে। তেওঁ বিজ্ঞান যোগাযোগ আৰু কূটনীতিয়ে সমাজক জটিল বৈজ্ঞানিক সমস্যাসমূহ বুজিবলৈ কেনেদৰে সহায় কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ভূ-ৰসায়ন আৰু জল বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবেই ড০ জগন্নাথ বিশ্বকৰ্মাক আমেৰিকান কেমিকেল ছ’চাইটিৰ দ্বাৰা প্ৰাৰম্ভিক কেৰিয়াৰ গৱেষণা বিজ্ঞানী বঁটাৰে সন্মানিত কৰা হ’ব। ২০২৩ চনৰ মাৰ্চ মাহত আমেৰিকাৰ ইণ্ডিয়ানাপলিছত অনুষ্ঠিত হ’বলগীয়া আমেৰিকান কেমিকেল ছ’চাইটিৰ বাৰ্ষিক সন্মিলনত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব। সন্মিলনত জগন্নাথে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ পৰিৱৰ্তনে পানীত থকা দূষক পদাৰ্থৰ আচৰণত কেনে প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আলোচনা কৰিব।

উল্লেখযোগ্য যে জগন্নাথে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল এলবাৰ্ট আইনষ্টাইনে তেওঁৰ গৱেষণা কৰা বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয় ই টি এইচ জুৰিখৰ পৰা। জগন্নাথে বৰ্তমান ব্ৰিটেইনৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ পৃথিৱী বিজ্ঞান বিদ্যালয়ত কৰ্মৰত। তেওঁৰ গৱেষণা পৰিৱেশ জৈৱ-ভূ-ৰসায়ন, পানীৰ গুণাগুণ আৰু পানী পৰিশোধনৰ ওপৰত নিহিত হৈ আছে। ২০২২ চনৰ আৰম্ভণিতে তেওঁ যুক্তৰাজ্যৰ হোম অফিচৰ পৰা সন্মানীয় ইউ কে গ্ল’বেল টেলেণ্ট লাভ কৰে। তেওঁৰ বৰ্তমানৰ গৱেষণা ইউনাইটেড কিংডম ৰিচাৰ্চ এণ্ড ইনোভেচন ফিউচাৰ লিডাৰ্ছ মিলিয়ন পাউণ্ড ফেল’শ্বিপৰ দ্বাৰা প্ৰদান কৰা হৈছে।

জগন্নাথৰ গৱেষণা দৃষ্টিভংগী হৈছে জলবায়ু পৰিৱৰ্তনে জল উৎস, যোগান আৰু নিৰাপত্তাৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে তাৰ অনুসন্ধান।

ড০ বিশ্বকৰ্মাৰ এই অভূতপূৰ্ব সফলতাত কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকী, আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়া, সমূহ অধ্যাপক-অধ্যাপিকাসকল উৎফুল্লিত হৈ এই কৃতিত্বৰ বাবে গৌৰান্বিত বুলি উল্লেখ কৰে আৰু ড০ বিশ্বকৰ্মাক শুভেচ্ছা জ্ঞাপন কৰে। এই বাৰ্তা পোৱাৰ লগে লগে কলেজৰ ছাত্ৰ-ছাত্ৰীসকলো গৌৰাৱান্বিত আৰু উৎফুল্লিত হৈ পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in