অসম

লামডিঙত চাঞ্চল্য! ৰেল লাইনত কটা মূৰ আৰু শৰীৰ উদ্ধাৰ ৰেল আৰক্ষীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত বৃহস্পতিবাৰে এক শিহৰনকাৰী ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ আজি বিয়লি বেলাত লামডিং নেতাজী ৰ'ড আৰু ক্ৰছিং গেটৰ মাজত চলন্ত ৰেলৰ তলত পৰি এজন ব্যক্তিয়ে মৃত্যুক সাৱটি লয়।

ৰেল লাইনত মুৰ আৰু শৰীৰ দুটুকুৰা হৈ কাটি যোৱা অৱস্থাত ব্যক্তি জনৰ মৄতদেহ উদ্ধাৰ কৰে লামডিং ৰেল আৰক্ষীয়ে ৷ মৃত ব্যক্তি জন দক্ষিন লামডিং অঞ্চলৰ কাঠ মিষ্টিৰী চজল মালাকাৰ বুলি চিনাক্ত কৰা হয়।

ৰেলত পৰি ব্যক্তি জনে আত্মহত্যা কৰিছে বুলি একাংশ ৰইজে সন্দেহ কৰিছে ৷ লামডিং ৰেল আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হয় মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমান ব্যক্তিজনে এনে ঘটনা সংঘটিত কৰাৰ কাৰন জানিব পৰা নাই ৷ আজি এই হৃদয়বিদাৰক ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলজুৰি।