অসম

কেশৱ মহন্তৰ সৈতে কামাখ্যা প্ৰসাদ তাছাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰঃ ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৭ নং কলিয়াবৰ বিধানসভা সমষ্টিত দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই। বৃহৎ নিৰ্বাচনী সভাৰ পৰিবৰ্তে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক লগত লৈ সমষ্টিটোৰ পঞ্চায়তে পঞ্চায়তে পথ সভাৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে কামাখ্যা প্ৰসাদ তাছাই।

মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ যৌথভাৱে নিৰ্বাচনী প্ৰচাৰত নামিছে অগপ-বিজেপি দুয়ো দলৰ কৰ্মী। দেওবাৰ আৰু সোমবাৰে প্ৰতিদিনাই বিধানসভা সমষ্টিটোৰ ১৭ টাকৈ স্থানত নিৰ্বাচনী প্ৰচাৰ সভাৰ আয়োজন কৰিছে অগপ-বিজেপি যৌথ নিৰ্বাচনী সমিতিয়ে। দেওবাৰে কলিয়াবৰৰ পূৱ প্ৰান্তৰ কুঠৰী আৰু ফুলগুৰিত মন্ত্ৰী কেশৱ মহন্তক লগত লৈ এই মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আৰম্ভ কৰে প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই। ইয়াৰ পিছতে দেওবাৰৰ দিনটোত চিকনি, শাকমুঠীয়া, কেলিডেন, হাতীগাঁও, শালনা, ডিজুভেলীকে ধৰি কেইবাখনো চাহ বাগিচাত চলে কামাখ্যা প্ৰসাদ তাছাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণত পুণৰ গঁড় হত্যাৰ প্ৰসংগ উল্লেখ কৰি কামাখ্যা তাচাই কয়--কংগ্ৰেছৰ সাংসদ থাকোতেই কাজিৰঙাত অবাধ গঁড় হত‍্যা কৰিছিল Iকংগ্ৰেছ দলত ৰাইজৰ অভিশাপ লাগিছে । সেয়ে কংগ্ৰেছ দল এৰি সকলো ওলাই আহিছে বুলি মন্তব্য কৰে।

ইপিনে আজি কলিয়াবৰত চাহ বাগিচা অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)ৰ এলানি প্ৰশ্নৰ সন্মুখীণ হ'ল বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচা। নিৰ্বাচনী সভাত ভাষণ দি থকাৰ মাজতে কোনোৱে ম'বাইলৰ হোৱাটচাপ বাৰ্তাৰ জৰিয়তে সাংসদ প্ৰাৰ্থী গৰাকীক সুধিলে এলানি প্ৰশ্ন।

প্ৰশ্নকেইটাৰ উত্তৰত কামাখ্যা প্ৰসাদ তাচাই কয় যে- আদিৱাসীসকলৰ সমস্যা সমাধানত সকলোৰে দায়িত্ব আছে। আমি যিমান পাৰো চেষ্টা কৰি আছো। আনহাতে আদিবাসীসকলৰ দাবী পূৰণক লৈ কাজিৰঙা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাই কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ কেন্দ্ৰীয় সমিতিৰ লগতে নগাঁও জিলা সমিতিয়ে।

আদিবাসীসকলৰ দাবীক লৈ কোনো বিৰূপ মন্তব্য নকৰাৰ লগতে কোনো ৰাজনীতি নকৰিবলৈ কামাখ্যা তাচাক সকীয়াই দিয়ে আছাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পূৰণ গঞ্জুৱে। কামাখ্যা প্ৰসাদ তাচাৰ উত্তৰত অসন্তুষ্টি ব্যক্ত কৰি পুনৰ আদিবাসীক লৈ ৰাজনীতি কৰিলে চাহ বাগিচাত তাছাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিয়ে আছাৰ নগাঁও জিলা সমিতিৰ বিষয়ববীয়াসকলে।