অসম

বিশ্বনাথ-বিহালীৰ ৩,৪২,৯৫৪গৰাকী ভোটাৰৰ হাতত ৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য

Asomiya Pratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ নিৰ্বাচনী জিলাৰ অধীনৰ ৩৯৪ টা ভোটকেন্দ্ৰত ১৯ এপ্ৰিলৰ পুৱা ৭বজাৰ পৰা বিয়লি ৫ বজালৈ ভোট গ্ৰহণ কৰা হ'ব। এইবাৰ নিৰ্বাচনী জিলাখনৰ অধীনৰ দুটা বিধানসভা সমষ্টি ক্ৰমে ৭০ নং বিশ্বনাথ আৰু ৭১ নং বিহালী বিধানসভা সমষ্টিৰ মুঠ ৩৪২৯৫৪ গৰাকী ভোটদাতাই শোণিতপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰুপণত নিৰ্ণায়ক ভূমিকা পালন কৰিব।

প্ৰাপ্ত তথ্য অনুযায়ী ভোটাৰসকলৰ ভিতৰত ১৮৭১৯৪ গৰাকী বিশ্বনাথ বিধানসভা সমষ্টিৰ আৰু ১৫৫৭৬০ গৰাকী বিহালী বিধানসভা সমষ্টিৰ ভোটাৰ। উল্লেখযোগ্য যে, মুঠ ৩৯৪ টা ভোটকেন্দ্ৰৰ ২১৮ টা বিশ্বনাথ সমষ্টিৰ আৰু ১৭৬ টা বিহালী সমষ্টিৰ অন্তৰ্গত। ইয়াৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ ২২ টা আৰু বিহালী বিধানসভা সমষ্টিৰ ২টা ভোট কেন্দ্ৰ গুৰুত্বপূৰ্ণ বুলি নিৰ্বাচন কৰা হৈছে।

উল্লেখযোগ্য যে, নিৰ্বাচন সুকলমে সম্পন্ন কৰিবলৈ বিশ্বনাথ বিধানসভা সমষ্টিত ৬গৰাকী মাণ্ডলিক বিষয়া আৰু ২৪গৰাকী চেক্টৰ বিষয়াক নিয়োগ কৰা হৈছে। একেদৰে বিহালী বিধানসভা সমষ্টিত ৬গৰাকী মাণ্ডলিক বিষয়া আৰু ১৮ গৰাকী চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে। নিৰ্বাচনত বিশ্বনাথ নিৰ্বাচন জিলাত মুঠ ১৮২০গৰাকী প্ৰিজাইডিং, প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুলিং বিষয়া নিয়োগ কৰা হৈছে।

ইয়াৰ ভিতৰত মুঠ ৯০ গৰাকী মহিলা বিষয়া কৰ্মচাৰীও আছে। এই মহিলা বিষয়া কৰ্মচাৰীসকলে মুঠ ২০ টা ভোট কেন্দ্ৰ পৰিচালিত কৰিব। ইয়াৰে ১৫ টা বিশ্বনাথ বিধানসভা সমষ্টিৰ আৰু ৫ টা বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত। একেদৰে ২টা ভোট কেন্দ্ৰ (বিশ্বনাথ আৰু বিহালীত এটাকৈ) যুৱ বিষয়া কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব।

সেইদৰে নিৰ্বাচনী জিলাখনত ২টা আদৰ্শ ভোট কেন্দ্ৰও স্থাপন কৰাৰ বাবে বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়াই ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এইবেলি নিৰ্বাচনত আদৰ্শ ভোট কেন্দ্ৰ হিচাপে নিৰ্বাচিত কৰা ভোট কেন্দ্ৰ দুটা হৈছে বিশ্বনাথৰ ১৫৬ নং চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আৰু বিহালী সমষ্টিৰ ৩৫ নং জৰাবাৰী প্ৰাথমিক বিদ্যালয়।