অসম

সাহিত্য সভাৰ বাবে লখিমপুৰ জিলাত স্থানীয় বন্ধ ঘোষণা

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ জিলাৰ নাৰায়নপুৰৰ মণি কাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিবেশন চলি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত অহা ৩ ফেব্ৰুৱাৰী শুকুৰবাৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে।

জিলা উপায়ুক্ত শোণিত সত্বাৱনৰ বৃহস্পতি বাৰে স্বাক্ষৰিত পি ই আৰ-৩৬/৭২/২০২৩ পি ই আৰ এল কে পি আৰ নম্বৰৰ এক নিৰ্দেশনা যোগে এন আই এক্ট ১৮৮১ৰ অধীনত জাৰিছে এই বন্ধ। এই স্থানীয় বন্ধৰ ঘোষণা শিক্ষানুষ্ঠানৰ পৰীক্ষা , সাক্ষাৎকাৰ ,গুণোৎসৱ আদি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি জানিবলৈ দিছে ।

আৰু পঢ়ক: দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে ভায়েক-ভনীয়েকক