অসম

লোকসভা নিৰ্বাচন উপলক্ষে স্থানীয় বন্ধ ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমত লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰ। লোকসভা নিৰ্বাচনত অনুষ্ঠিত হোৱা সমষ্টি সমূহ স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।অসমত ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে' এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন ।

সেই অনুসৰি ১৯ এপ্ৰিলত ৫ টা লোকসভা সমষ্টিত, ২৬ এপ্ৰিলত ৫ টা আৰু ৭ মে'ত ৪ টা লোকসভা সমষ্টিত স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে । ১৯ এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট লোকসভা সমষ্টিৰ এলেকা বন্ধ ঘোষণা প্ৰশাসনৰ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৬ এপ্ৰিলত দৰং-ওদালগুৰি, ডিফু(ST), কৰিমগঞ্জ, শিলচৰ(SC), নগাওঁ লোকসভা সমষ্টিৰ এলেকা বন্ধ ঘোষণা। ঠিক একেদৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৭ মে’ত বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ এলেকাত স্থানীয় বন্ধ ঘোষণা।

ৰাজ্যৰ প্ৰশাসন বিভাগে লোকসভা নিৰ্বাচনৰ তিনিটা দিনৰ বন্ধৰ বাবে সুকীয়াকৈ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি এই তিনিটা দিনত লোকসভা সমষ্টিৰ এলেকাসমূহত সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, পি আৰ আই, নগৰীয়া স্থানীয় নিগম, শৈক্ষিক প্ৰতিষ্ঠান, ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠানকে ধৰি বেংক, চাহ বাগিচা আৰু উদ্যোগ আদি বন্ধ ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ ৷ সাধাৰণ প্ৰশাসন বিভাগে সোমবাৰে এই নিৰ্দেশনা জাৰি কৰিছে।