অসম

মানকাচৰত নিপুন ভাৰত মিচনৰ সাক্ষৰতা আৰু সাংখ্যিকতা শিক্ষা সম্পৰ্কে প্ৰশিক্ষণ

Asomiya Pratidin

ডিজিটেল সংবাদ,মানকাচৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমগ্ৰ শিক্ষা মিচনৰ অধীনত সাক্ষৰতা আৰু সাংখ্যিকতা শিক্ষা সম্পৰ্কে প্ৰশিক্ষণ কাৰ্যসূচী। মঙলবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে এই কাৰ্যসূচীৰ।

জানিবলৈ দিয়া অনুসৰি মুঠ ৩৫৬ খন নিম্ন প্ৰাথমিক শ্ৰেণী থকা বিদ্যালয়ৰ ১০৬৮ গৰাকী শিক্ষকক নিপুন ভাৰত-মিচনৰ অধীনত বুনয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা শিক্ষা আহৰণৰ সন্দৰ্ভত মণ্ডল সমল পৰ্যায়ত প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে।

উল্লেখযোগ্য যে জিলাখনৰ দক্ষিণ শালমাৰা আৰু মানকাচৰ শিক্ষাখণ্ডৰ অধীনস্থ মুঠ ৫০ টা মণ্ডল সমল কেন্দ্ৰৰ অধীনত থকা ৩৫৬ খন নিম্ন প্ৰাথমিক শ্ৰেণীৰ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা শিক্ষা কিদৰে আয়ত্ব কৰিব পাৰিব তাৰ ওপৰত সমগ্ৰ শিক্ষা মিচনে শিক্ষকসকলক এই প্ৰশিক্ষণ প্ৰদান কৰাৰ কাৰ্যসূচী হাতত লৈছে ।

এই প্ৰশিক্ষণত নিম্ন প্ৰাথমিক শ্ৰেনীৰ বিদ্যালয়সমূহৰ তিনিজনকৈ শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে জিলাখনত খণ্ড পৰ্যায়ত সমল ব্যক্তি হিচাপে প্ৰতিখন ক্লাষ্টাৰৰ পৰা এজনকৈ মণ্ডল সমল কেন্দ্ৰ সমন্য়ক আৰু সমল শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে।