ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ ধেমাজিৰ বঙলামাৰী মিচিং গাঁৱৰ দুই কিশোৰে মঙলবাৰে পুৱা মাছ ধৰিবলৈ গৈ মৃত্যু হোৱা ঘটনাই অঞ্চলটোৰ লগতে সমগ্ৰ ধেমাজিত মঙলবাৰে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ৷
পঢ়িবলৈ ক্লিক কৰকঃ শিক্ষক-খেলুৱৈ-ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি মিলন কোৱঁৰৰ মৃত্যু…
জানিব পৰা মতে, গাওঁখনৰ কিছু দূৰৰ লেচিয়া নৈত পুৱা ৮.৩০ মান বজাত মাছ ধৰিবলৈ গৈ দুই কিশোৰ ক্ৰমে নিশিল কুম্বাং (১৬), ৰঞ্জু কুম্বাং (১৪ ) নামৰ কিশোৰ দুজনে জাল মাৰি মাছ ধৰি থাকোতে হঠাতে নদীখনৰ কাষৰ গড়া খহি দুইজনৰ গাতে বাগৰি পৰে ফলত ঘটনাস্থলীতেই দুইজনৰ মৃত্যু হয় ৷
পিছত স্থানীয় ৰাইজে ঘটনাস্থলীৰ পৰা দুই কিশোৰকে মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ দুপৰীয়া ধেমাজি আৰক্ষী আৰু দণ্ডাধীশে ঘটনাস্থলীলৈ গৈ মৃতদেহ চিনাক্ত কৰি ধেমাজি অসামৰিক চিকিৎসালয়ত মৰোনোত্তৰ পৰীক্ষাৰ পিছত পৰিয়ালক চমজাই দিয়ে ৷