শিক্ষক-খেলুৱৈ-ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি মিলন কোৱঁৰৰ মৃত্যু…

শিক্ষক-খেলুৱৈ-ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি মিলন কোৱঁৰৰ মৃত্যু…

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ ভেঁহপৰা চাৰি নম্বৰ ৱাৰ্ডৰ নিবাসী তথা গপাক এল . পি. স্কুলৰ শিক্ষক ও ধেমাজি জিলা কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি, কাবাদি আৰু ফুটবল খেলৰ সুদক্ষ খেলুৱৈ , সমাজ সেৱক মিলন কোৱঁৰৰ মঙ্গলবাৰে পুৱা প্ৰায় ১০ মান বজাত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্হাত মৃত্যু হোৱা খবৰে ধেমাজিত শোকৰ ছাঁ পৰিছে ৷

জানিব পৰা মতে, যোৱা ১০ মে'ত হঠাতে স্বাস্থ্য বেয়া হোৱা বাবে পৰিয়ালে ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল ৷ কোৱঁৰৰ স্বাস্থ্য অধিক বেছি বেয়া হোৱাত চিকিৎসকে পিছদিনা উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছিল৷ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা কিছুদিনৰ পিছতেই চিকিৎসকে কোভিড পজিটিভ হোৱাটো ধৰা পৰিছিল যদিও পিছলৈ কোভিডৰ নিগেটিভ হৈছিল ৷

বিগত দহ দিন ধৰি চিকিৎসাধীনৰ অন্তত মঙলবাৰে হঠাতে পুৱা কোৱঁৰে মৃত্যুক আকোঁৱালি লয় ৷ ১৯৬৮ চনত জন্ম গ্ৰহণ কৰা কোৱঁৰে ১৯৮৪ চনত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা , ১৯৮৬ চনত ডিব্ৰুগড় হনুমানবস্ক কানৈ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু ১৯৯১ চনত কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷

১৯৮৯ চনতেই কোৱঁৰে প্ৰাথমিক বিদ্যালয়ত চৰকাৰীভাৱে নিযুক্তি পায় আৰু বহু কেইবছৰ ধৰি শিক্ষকতা কৰিছিল যদিও পিছলৈ প্লেন ন- প্লেনৰ চৰকাৰী মেৰপাক , আসোঁৱাহৰ বাবে আকৌ বহুদিন ধৰি বিনাবেতনেৰে শিক্ষকতা কৰি থাকিব লগীয়া হৈছিল যদিও পুনৰ এই চলি বছৰতে তেওঁৰ চাকৰিটো দৰৰ্মহা পোৱা পৰ্যায় হৈছিল ৷ অতি অমায়িক , শান্ত প্ৰিয় কোৱঁৰে শিক্ষকতা কৰা মাজতে কোৱঁৰে জিলাখনৰ বিভিন্ন সামাজিক কাম কাজৰ সৈতে জৰিয়ত থকা লগতে দুবাৰকৈ ধেমাজি জিলা কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি আছিল ৷

তেওঁ জিলা ও অসমৰ এগৰাকী সুদক্ষ ফুটবল আৰু কাবাদি খেলুৱৈ আছিল ৷ কোৱঁৰে অসম টিমৰ হৈ ফুটবল আৰু কাবাদি খেলত কলকতাৰ , ওৱেষ্ট বেংগল ধৰি কেইবাখনো ৰাজ্যত বহুকেইবাৰ খেলি সুনাম অৰ্জন কৰিছিল ৷ এই সুদক্ষ খেলোৱৈ , শিক্ষক আৰু সমাজসেৱক গৰাকীৰ মৃত্যুত ধেমাজিত গভীৰ শোকৰ ছাঁ পৰিছে ৷

তেওঁৰ মৃত্যুত ধেমাজি জিলা কেন্দ্ৰীয় সন্মিলনৰ সভাপতি নৰেন কোৱঁৰ , সম্পাদক মনোজ গগৈকে ধৰি সমগ্ৰ সমিতিখনৰ বিষয়- ববীয়া আৰু কৰ্মকতা সকলৰ লগতে ধেমাজি বিভিন্ন দল সংগঠন ও ৰাইজে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ
সৈতে দুই কন্যাও অনেক পৰিয়াল বৰ্গক এৰি গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in