margherita
margherita 
অসম

লিডু শাখা সাহিত্য সভাৰ উদ্যোগত ৪১ গৰাকী ব্যক্তিক আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ বিতৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ- অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলা সাহিত্য সভাৰ অন্তৰ্গত লিডু শাখা সাহিত্য সভাৰ জৰিয়তে ৪১ গৰাকী ব্যক্তিয়ে অসম সাহিত্য সভাৰ আজীৱন সভ্য পদ বিচাৰি আবেদন কৰিছিল। ইতিমধ্যে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকে স্বীকৃতি প্ৰদান কৰাত দেওবাৰে লিডু শাখা সাহিত্য সভাৰ উদ্যোগত লিডু কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অসম সাহিত্য সভাৰ আজীৱন সভ্য ৰূপে স্বীকৃতসকলৰ প্ৰমান পত্ৰ প্ৰদান কৰা হয়।

শাখাৰ সভানেত্ৰী ড° দিপালী বৰপুজাৰীৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ আঁ‌ত ধৰে তথা উদ্দেশ্যে বাখ্যা কৰে শাখাৰ সম্পাদক ৰাণাজ্যোতি নেওগে। শাখাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাংবাদিক জগত চাংমায়ে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ বৰ্ণিল ইতিহাস বাখ্যা ডাঙি ধৰে। লিডু কলেজৰ অধ্যক্ষ ড° কৃপা প্ৰসাদ উপাধ্যায়ে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে।

সভাত শাখাৰ প্ৰাক্তন সভাপতি চন্দ্ৰ গৌতম, শাখাৰ উপ সভাপতি লক্ষীনাথ হালৱা, লিডু বাজাৰ হাইস্কুলৰ প্ৰধান শিক্ষক সুপ্ৰিয় দত্ত গুপ্তা, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেব শৰ্মা, লিডু কলপৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লিলি চাংমাই অতিথিৰ ৰূপে মঞ্চ শুৱনি কৰে।

অন্যহাতে ডিচেম্বৰৰ ভিতৰতে অসম সাহিত্য সভাই শাখা জিলা সমূহৰ দ্বি বাৰ্ষিক অধিৱেশন আয়োজনৰ নিদেৰ্শ দিছে । সেই গতিকে উক্ত সভাত লিডু শাখা সাহিত্য সভাৰ অধিৱেশন আয়োজনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। উক্ত সভাত জগত চাংমাইক সভাপতি, সুখদেব শৰ্মাক কাৰ্যকৰী সভাপতি, ৰাণাজ্যোতি নেওগ মুখ্য সাধাৰণ সম্পাদক হিচাপে লৈ এখন আদৰণি সমিতি গঠন কৰি ১৭ আৰু ১৮ ডিচেম্বৰত লিডু ৰে'লৱে ৰঙ্গমঞ্চত উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।