ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন
ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন 
অসম

ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা স্থাপন

Asomiya Pratidin

ডিজিটেল সংবাদ টংলা: অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল, যুৱ আৰু মহিলা সন্মিলনীৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুঁটা আজি ওদালগুৰি জিলাৰ পানেৰীৰ নিকটৱৰ্তী উত্তৰ খৃষ্টানপাৰাৰ ৰজনী বৰুৱা সোঁৱৰণি ক্ষেত্ৰত আনুষ্ঠানিকভাৱে তন্ত্ৰধাৰ নিয়মৰে স্থাপন কৰে ৷

৩১ খন আঞ্চলিক সমিতিৰে গঠিত ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ লাইখুঁটা স্থাপন কৰাৰ পিছতে উদ্‌যাপন সমিতিৰ সভাপতি নীলধৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত জিলা সন্মিলনীৰ সভাপতি দেৱজিৎ ডেকাই কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰনকে ধৰি সাম্প্ৰতিক সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰনৰ সংগ্ৰাম কৰি অহা বিভিন্ন সংগঠনৰ সৈতে চৰকাৰে আলোচনাৰ পৰিবেশ ৰচনা কৰাৰ সময়ত জনগোষ্ঠীটোৰ লোকসকল অধিক সচেতন হোৱাৰ প্ৰয়োজন আৰু কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবী তীব্ৰতৰ কৰাৰ আহ্বান জনায় ৷

এই অধিবেশনখনত জিলাখনৰ জনগোষ্ঠীটোৰ ৰাইজৰ শক্তি প্ৰদৰ্শনৰ উপৰিও জাতিটোৰ উত্তৰণৰ দিশত দিকনিৰ্নায়ক হ’ব আৰু সেয়ে অধিবেশনখন অধিক গুৰুত্বপূৰ্ণ হ’ব বুলি দৃঢ়তাৰে কয় ৷ সভাত সন্মিলনীৰ ৰাজ্যিক সদস্য শিৱৰাম ডেকা, লাইখুঁটা স্থাপক মণ্ডলীৰ হৈ ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তাৰানাথ কলিতা, বিশিষ্ট নাগৰিক দুৰ্গেশ্বৰ কুমাৰ, উপেন কুমাৰ বড়ো, পবিত্ৰ মোহন দাস, ৰমনী চহৰীয়া, হেম ডেকা আদিকে ধৰি বিভিন্ন আঞ্চলিকৰ প্ৰতিনিধিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷