অসম

নিজ বাসগৃহতেই জন্মদিন উদযাপন যশস্বী কণ্ঠশিল্পী লক্ষহীৰা দাসৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: যশস্বী কণ্ঠশিল্পী, গীতিকাৰ, শিক্ষাবিদ ড০ লক্ষহীৰা দাসৰ আজি ৯৩ সংখ্যক জন্মদিন। সেই উপলক্ষে সোমবাৰে নিজ বাসগৃহতে পুত্ৰ অনিৰ্বান দাসৰ সৈতে কেক কাটি জন্মদিন উদযাপন কৰে।

লক্ষহীৰা দাসল গুৱাহাটী অৱাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ। তেওঁৰ প্ৰকাশিত পুথি সমূহ হল- প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, অস্কাৰ ৱাইল্জৰ গল্প(অনূদিত),তপসী আদি। বহু সংখ্যক পুথিৰ প্ৰণেতা লক্ষহীৰা দাস।

সৰাপাত আৰু লাচিত বৰফুকন ছবিত কণ্ঠদান কৰাৰ উপৰিও বহু জনপ্ৰিয় গীত উপহাৰ দিছে দাসে। ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠ নেপখ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। তদুপৰি তেওঁ ভূপেন হাজৰিকা বঁটাও লাভ কৰিছে।ইয়াৰোপৰি আৰু বহু বঁটা তথা সন্মানেৰে সন্মানিত হৈছে লক্ষহীৰা দাস।

আৰু পঢ়ক: এৰো ইণ্ডিয়া ২০২৩ঃ ৯৮ খন দেশৰ প্ৰায় ৮০৯ টা কোম্পানীৰ অংশগ্ৰহণ...