লখিমপুৰ

কণ কণ ছাত্ৰী-ছাত্ৰীৰ নৃত্য,গীত-অভিনয়ত মুগ্ধ সহস্ৰাধিক অভিভাৱক

Asomiya Pratidin

ডিজিটেল সংবাদ,লখিমপুৰ : এজাক কণমানিৰ নৃত্য, গীত আৰু অভিনয়ত মুখৰিত হ’ল লখিমপুৰৰ ছেইন্ট মেৰিজ বিদ্যালয়ৰ প্ৰাংগণ ৷ সহস্ৰাধিক অভিভাৱকৰ উপস্থিতিত কণমানিহঁতে কৰা অভিনয়-গীত-নৃত্য আৰু বক্তৃতাই উপস্থিত সকলোকে মুগ্ধ কৰে।

বিদ্যালয়খনৰ কণমানি ছাত্ৰ-ছাত্ৰীয়ে আঁত ধৰা অনুষ্ঠানটি মূলতঃ অভিভাৱকসকলৰ বাবে আয়োজন কৰা হৈছিল ৷ অভিভাৱকৰ দিন হিচাপে দুদিনীয়াকৈ উদযাপন কৰা অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে লখিমপুৰ শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ৰেআজুল হোছেইনে ৷ প্ৰথম দিনা মুঠ ২৪ টা কাৰ্যসূচী সমাপন কৰা হয় ৷