লখিমপুৰ

সোৱণশিৰী কৈৱৰ্ত উ: মা: বিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ বিদ্যায়তনিক উৎকৰ্ষ সাধনত প্ৰতিষ্ঠা কালৰে পৰা অৱদান আগবঢ়াই আহিছে সোৱণশিৰী কৈৱৰ্ত উচ্চ মাধ্যমিক বিদ্যালয়ে। বৃহত্তৰ বেবেজিয়া অঞ্চলৰ শৈক্ষিক নক্ষত্ৰ স্বৰূপ এই গৰিমামণ্ডিত শিক্ষানুষ্ঠানে চলিত বৰ্ষত সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ। তাৰেই পৰিপ্ৰেক্ষিতত শিক্ষানুৰাগী ৰাইজ, অভিভাৱক, প্ৰাক্তন শিক্ষক, শিক্ষাৰ্থী, কৰ্মচাৰী আৰু বিদ্যালয় পৰিয়ালে আয়োজন কৰা বৰ্ণময় ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠান  মঙ্গলবাৰৰ পৰা বেবেজিয়া চাৰিআলিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ।

বিদ্যালয়খনৰ এই বৰ্ণিল ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মঙ্গলবাৰে ৰাইজৰ উপস্থিতিত প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী শুভাৰম্ভ কৰা হয় প্ৰধান শিক্ষক ঈশ্বৰ প্ৰসন্ন বৰুৱাৰ বিদ্যালয়ৰ পতাকা উত্তোলনেৰে। ইয়াৰ সমান্তৰাল ভাৱে বৃহত্তৰ সোৱণশিৰী অঞ্চলৰ ২৪ গৰাকী বিশিষ্ট ব্যক্তিৰ জৰিয়তে আয়তীৰ উৰুলি মংগল ধ্বনিৰ মাজত ৰূপালী জয়ন্তী উপলক্ষত ২৪ খনকৈ পতাকা উত্তোলন কৰা হয়। দ্বিতীয় কাৰ্যসূচী অনুসৰি বিদ্যালয়খনৰ প্ৰাণ প্রতিষ্ঠাৰ সতে জড়িত আৰু বিদ্যালয়ৰ শৈক্ষিক যাত্ৰা কালত অংশীদাৰী হোৱা প্ৰয়াত শিক্ষাব্ৰতী সকলৰ পুন্যাত্মাৰ পবিত্ৰ স্মৃতিত শ্বহীদ তৰ্পণ কৰে শিক্ষক দীপক দাসে আৰু ৰূপালী জয়ন্তী অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ প্ৰতিস্থাপক সভাপতি শিশুৰাম দাসে।

দুপৰীয়া  শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভূপেন্দ্ৰদেৱ গোস্বামীয়ে বিদ্যালয়খনৰ কৰ্মৰত প্ৰধান শিক্ষক ঈশ্বৰ প্ৰসন্ন বৰুৱাৰ পৰিয়ালবৰ্গই আগবঢ়োৱা বিদ্যালয়ৰ স্থায়ী পকী তোৰণখনৰ দ্বাৰ উদ্ঘাটন কৰে। পৰৱৰ্তী সময়ত ৰূপালী জয়ন্তীৰ মূল মণ্ডপ মুকলি, ভোজনালয়ৰ দ্বাৰ মুকলি, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন, অতিথি কক্ষ, উপ সমিতিৰ জিৰণি চ'ৰা মুকলি আদি অনুষ্ঠান সম্পন্ন হোৱাৰ পাছতেই অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ আৰু আলোচনাচক্ৰ।

প্ৰাক্তন ছাত্ৰ হৰকান্ত মিলিৰ সঞ্চালনাত "বৰ্তমান যুৱ উশৃংখলতা আৰু আমাৰ কৰণীয়" শীৰ্ষক মনোজ্ঞ আলোচনাচক্ৰখনত আলোচক হিচাবে উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত নিজস্ব বক্তব্য আগবঢ়াই বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক ডিম্বজ্যোতি বৰুৱা, প্ৰাক্তন ছাত্ৰ ক্ৰমে দীনেশ মিলি, পাপু দাস আৰু উজ্জ্বল দাস আদিয়ে । নিশালৈ দৰ্শকৰ অভূতপূৰ্ব উপস্থিতিৰে মঞ্চত বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

কাইলৈ দ্বিতীয় দিনা ৰূপালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ "ৰূপশ্ৰী"ৰ লগতে আন কেইবাখনো গ্ৰন্থ উন্মোচিত হ'ব আৰু বিয়লিলৈ আলোচনাচক্ৰ আৰু  নিশালৈ বৰ্ণময় সাংস্কৃতিক অনুষ্ঠান  অনুষ্ঠিত হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দি জয়ন্তীৰ কেউতা দিনৰ সকলো কাৰ্যসূচীত শিক্ষানুৰাগী ৰাইজৰ উৎসাহপূৰ্ণ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।