ভাষাচাৰ্য টাবুৰাম টাইদৰ জন্মভূমিত প্ৰতিমূৰ্ত্তি উন্মোচন

ভাষাচাৰ্য টাবুৰাম টাইদৰ জন্মভূমিত প্ৰতিমূৰ্ত্তি উন্মোচন

author-image
Asomiya Pratidin
New Update
ভাষাচাৰ্য টাবুৰাম টাইদৰ জন্মভূমিত প্ৰতিমূৰ্ত্তি উন্মোচন

ডিজিটেল সংবাদ, ঢকুৱাখনা:  ভাষাতত্ববিদ, চিন্তাশীল লেখক, শিক্ষাবিদ তথা অসমীয়া ভাষা সাহিত্যৰ এগৰাকী সুউজ্জ্বল নক্ষত্ৰ টাবুৰাম টাইদ। সোৱণশিৰীৰ অৱবাহিকাত কস্মিন কালেও নজহা নপমা সোণ হৈ জিলিকি ৰোৱা ঘূণাসুঁতি অয়েংগিয়া গাঁওৰ প্ৰয়াত উবাং টাইদ আৰু দেউটি টাইদৰ সুপুত্ৰ "ভাষাচাৰ্য" "আগম মৃগাং" টাবুৰাম টাইড। 

Advertisment

মিচিং জনগোষ্ঠীয় ভাষা, সাহিত্য, লোক কৃষ্টিৰ পথাৰখনলৈ টাইদে আগবঢ়াই যোৱা অতুলনীয় অৱদানৰ প্ৰতিভূ স্বৰূপে  মঙলবাৰে জনগোষ্ঠীটোৰ পিতৃ পুৰুষ গৰাকীৰ এক আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়। 

মিচিং ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ প্ৰতি সদা সচেষ্ট টাইদৰ নৃগোষ্ঠীয় ভাষা  সাহিত্য, লোক নৃত্য, গীত বাদ্য আদিক ৰাষ্ট্ৰীয় ক্ষেত্রখনলৈ উত্তৰণ ঘটোৱাৰ বাবে আমৃত্যু ব্ৰতী হোৱা ভাষাচাৰ্য গৰাকীৰ জন্মভূমিৰ মিৰিজীয়ৰী মহাবিদ্যালয়ৰ চৌহদত নিৰ্মিত এই আৱক্ষ মূৰ্তি উন্মোচন কৰে ৰাজ্য চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।

জনাকীৰ্ণ পৰিবেশত  কেবিনেট মন্ত্ৰী ডাঃ পেগুৱে প্ৰতিমূৰ্তিৰ অনাবৰণ কৰে এক মাংগলিক আৰু বিপুল  হৰ্ষ ধ্বনি আৰু শ্লোগানৰ মাজত ।

জনগোষ্ঠীটোৰ শক্তিশালী নেতা তথা শিক্ষামন্ত্ৰী গৰাকীৰ লগতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰো অৰ্থ সাহায্যৰে নিৰ্মিত প্ৰায় ৯ ফুট উচ্চতাৰ সুদৃশ্যমান প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে বৰ্হি ৰাজ্যৰ এগৰাকী  প্ৰখ্যাত খনিকৰে  ।

১৯৪২ চনত ঘূণাসুঁতি আয়েংগীয়া গাঁওত জন্মগ্ৰহণ কৰা টাইদে ১৯৬৩ চনতে কলকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰাধা কৃষ্ণ মিছন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক আৰু পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অর্জন কৰি স্বজাতি আৰু স্বভূমিলৈ কঢ়িয়াই আনিছিল গৌৰৱ খ্যাতিৰ মেটমৰা সম্ভাৰ।

জনগোষ্ঠীয় সফল কৰ্মোদ্যমী নেতা তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ব্যক্তিগত প্ৰচেষ্টাত নিৰ্মিত এই আৱক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে ,ইন্দিৰা চিন্তে কুম্বাং, মিচিং আগম কেবাংৰ সভাপতি হৰি নাৰায়ণ পেগু, সাধাৰণ সম্পাদক সুমেশ্বৰ কপ্তাক, লখিমপুৰ জিলা আয়ুক্ত শোণিত সত্বাৱন, গোবিন টাইদ,  টাকাম মিচিং পৰিণ কৌবাংৰ, সম্পাদক চান পাংগিং, টি এম এম কেৰ কেন্দ্ৰীয় সভানেত্ৰী শৰ্মিলা পায়েং আৰু সম্পাদিকা গীতাঞ্জলি বড়ি  আদিকে প্ৰমুখ্য কৰি সকলো জাতীয় সংগঠনৰ কেন্দ্ৰীয় জিলা  আঞ্চলিক নেতৃবৰ্গ আৰু  ভাষাচাৰ্য গৰাকীৰ পৰিয়াল পৰিজন  বহু কেইগৰাকী বিশিষ্ট সাহিত্যিক, ব্যক্তি উক্ত কাৰ্যসূচীত উপস্থিত থাকে।

মিৰিজীয়ৰী মহাবিদ্যালয় চৌহদৰ উন্মোচনী থলিত অনুষ্ঠিত সভাত "আগম মৃগাং" টাইদৰ পত্নী বাসন্তী টাইদ, আত্মীয় স্বজন সহ তিনি সহস্ৰাধিক ৰাইজ উপস্থিত থকা  সভাত শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে মিৰি জীয়ৰী মহাবিদ্যালয়ৰ  আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে এক কোটি টকাৰ সাহায্য প্ৰদান কৰাৰ লগতে ঘূণাসুঁতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে শকত পুঁজি আবন্টন কৰাৰ কথা ঘোষণা কৰে।

তাৰোপৰি ৰাজ্যখনৰ মুঠ ২৬খন মহাবিদ্যালয়ৰ   লগতে মিৰিজীৱৰী মহাবিদ্যালয়খনো  প্ৰাদেশিকৃত কৰাৰ  নিশ্চয়তা প্ৰদান কৰে শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে। মিচিং আগম কৌবাংৰ ৩৯ সংখ্যক কেন্দ্ৰীয় মিচিং ভাষা দিৱসৰ সতে সংগতি ৰাখি অনুষ্ঠিত এই উন্মোচনী সভাত দুখন গ্ৰন্থ উন্মোচন কৰা হয় ।

Also Read: কঠিয়াতলীত আঘাতপ্ৰাপ্ত বন্যহস্তীক দুদিন ধৰি শুশ্ৰূষা বন বিভাগৰ

টাবুৰাম টাইদ