নৰ্থ বেংক মহাবিদ্যালয়ৰ "নিউজ লেটাৰ আৰু পুস্তিকা" উন্মোচন...

উজনি অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয় । ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰমা এইখন উচ্চ শিক্ষানুষ্ঠানৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ উদ্যোগত শনিবাৰে গ্ৰহণ কৰা হয় এক মনোগ্ৰাহী কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
নৰ্থ বেংক মহাবিদ্যালয়ৰ "নিউজ লেটাৰ আৰু পুস্তিকা" উন্মোচন...

নিউজ লেটাৰ আৰু পুস্তিকা উন্মোচন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ উজনি অসমৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয় । ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰমা এইখন উচ্চ শিক্ষানুষ্ঠানৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ উদ্যোগত শনিবাৰে গ্ৰহণ কৰা হয় এক মনোগ্ৰাহী কাৰ্যসূচী । মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত  ঐতিহাসিক হাবুং চৌহদত অনুষ্ঠিত কৰা হয় এখন নিউজ লেটাৰ আৰু পুস্তিকা উন্মোচনী সভা ।

Advertisment

মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ যুগল শইকীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ গীতাঞ্জলী বৰুৱা, জ্যেষ্ঠ অধ্যাপক দিনেশ্বৰ গগৈ, সহকাৰী অধ্যাপক ভবেশ মৰাং, প্ৰীতম জ্যোতি পেগু, শিক্ষাৰ্থী সকল উপস্থিত থকা উন্মোচনী সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ অধ্যাপক দিনেশ্বৰ গগৈয়ে ।

সাম্প্ৰতিক সময়ত শিক্ষাৰ্থী সকলৰ সামাজিক দায়বদ্ধতা আৰু এখন প্ৰগতিশীল সমাজ গঠনত যুৱ প্রজন্মৰ কৰণীয়তা সন্দৰ্ভত বিস্তৃত অবলোকনেৰে অনুষ্ঠিত মনোজ্ঞ সভাত ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত, ছাত্ৰ প্ৰনয় প্ৰতীম বৰুৱাৰ সম্পাদনাত  প্ৰকাশ কৰি উলিওৱা "নিউজ লেটাৰ আৰু পুস্তিকা"খন উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যুগল শইকীয়াই ।

 হাবুং প্ৰাংগণত গছপুলি ৰোপণ
হাবুং প্ৰাংগণত গছপুলি ৰোপণ

উন্মোচনী বক্তব্যত অধ্যক্ষ ডঃ শইকীয়াই শিক্ষাৰ্থীসকলে বিদ্যায়তনিক ক্ষেত্রখনৰ সমান্তৰাল ভাবে বৌদ্ধিক আৰু সামাজিক ক্ষেত্ৰখনতো নিজস্ব অৱদান আগবঢ়াই যোৱাটো সময়ৰ আহ্বান বুলি মন্তব্য কৰি যুৱ প্ৰজন্মই নিজৰ  সৃষ্টিশীল কৰ্মৰাজীৰে এখন উত্তৰণমুখী, প্ৰগতিশীল আৰু সর্বাংগ সুন্দৰ সমাজ গঢ়াত আত্মনিয়োগ কৰাৰ আহ্বান জনায় ।  ৰাজনীতি বিজ্ঞান বিভাগৰ এই সময়োপযোগী পদক্ষেপৰ শলাগ লৈ অধ্যক্ষ গৰাকীয়ে এই প্ৰয়াস অনুকৰণীয় আৰু ই শিক্ষাৰ্থী সকলৰ সমাজদায়বদ্ধ চেতনা জাগ্ৰত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে ।

এই অনুষ্ঠানৰ সতে সংগতি ৰাখি ঐতিহাসিক হাবুং প্ৰাংগণত গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়। বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ গীতাঞ্জলী বৰুৱাই শুভাৰম্ভ কৰা এই কাৰ্যসূচীত অধ্যক্ষ আৰু বিভাগৰ অন্য সহকাৰী অধ্যাপক সকলেও অংশগ্ৰহণ কৰে । সভাতেই মুৰব্বী অধ্যাপক ডঃ গীতাঞ্জলী বৰুৱাক সভাপতি আৰু শিক্ষাৰ্থী কৈলাশ বৰুৱাক  সম্পাদক হিচাবে লৈ নৰ্থ বেংক মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান সংস্থাৰ ২০২২-২০২৩ বর্ষৰ নতুন সমিতিখন গঠন কৰা হয় ।

Also Read: প্ৰমোদ বড়োই চিণ্ডিকেটৰ জৰিয়তে প্ৰতিদিনে সংগ্ৰহ কৰে লাখে লাখে টকা-হাগ্ৰামা...

নিউজ লেটাৰ আৰু পুস্তিকা উন্মোচন ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়