লখিমপুৰত আন্তঃক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা
লখিমপুৰত আন্তঃক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা 
লখিমপুৰ

ঘিলামৰাত লখিমপুৰ জিলা আন্তঃক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ স্বীকৃতিপ্ৰাপ্ত শাখা ঘিলামৰা টাইকোৱাণ্ডো একাডেমীৰ উদ্যোগত জিলা সন্থাৰ তত্বাৱধানত দেওবাৰে অনুষ্ঠিত হ’ব ষষ্ঠ সংখ্যক লখিমপুৰ জিলা আন্তঃ ক্লাব টাইকোৱাণ্ডো প্ৰতিযোগিতা । জিলাখনৰ অন্তৰ্গত মুঠ ৭ টা ক্লাবৰ প্ৰায় ৩ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব । কাইলৈ অনুষ্ঠিত হ’বলগীয়া জিলা ভিত্তিত আন্তঃ ক্লাব প্ৰতিযোগিতাখনি সফল ভাবে অনুষ্ঠিত কৰিবলৈ ৰঞ্জিত বৰুৱাক সভাপতি, হিৰণ্য বৰগোঁহাইক সম্পাদক হিচাবে লৈ গঠন হোৱা আয়োজক সমিতিয়ে সমগ্ৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।

ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত দেওবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হবলগীয়া এই প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া পঞ্জীয়ন, ওজন পৰীক্ষণ, প্ৰশিক্ষক সকলৰ বৈঠক আদি ইতিমধ্যে শনিবাৰে সম্পন্ন হৈছে । দেওবাৰে জিলা সন্থাৰ সভাপতি উত্তম বৰুৱা আৰু আয়োজক সমিতিৰ সভাপতি ৰঞ্জিত বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছত অনুষ্ঠিত হ’ব সম্বৰ্ধনা আৰু চিনাকি পৰ্ব অনুষ্ঠান । পৰৱৰ্তী সময়ত প্ৰতিযোগিতা উদ্বোধন কৰিব মহকুমাধিপতি অৰিন্দম বৰুৱাই।

প্ৰতিযোগিতাখনিত বিশিষ্ট অতিথি হিচাবে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ কাৰিকৰী অধ্যক্ষ বিৰিঞ্চি শইকীয়া, সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকা, জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই  আদি উপস্থিত থাকিব । ইতিমধ্যে ঘিলামৰাত ২০ গৰাকী  ৰেফাৰী উপস্থিত হৈছে বুলি জানিবলৈ দি আয়োজক সমিতিৰ সম্পাদক হিৰণ্য বৰগোঁহাইয়ে ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিয়ে খেলুৱৈ সকলক উৎসাহিত কৰাৰ লগতে প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰাৰ আহ্বান জনাইছে। উল্লেখ্য যে এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী সকলক আন্তঃজিলা প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হ’ব ।