লখিমপুৰ

উদ্বোধন হ’ল গোগামুখস্থিত সৰ্ব ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোগামুখঃ এছিয়া মহাদেশৰ ভিতৰতে অন্যতম বৃহৎ কৃষি গৱেষণা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হোৱা আই চি এ আৰৰ সোমবাৰে শুভ উদ্ধোধন কৰা হয় ৷ গোগামুখস্থিত ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান কেৱল গোগামুখ, অসম বা ভাৰতৰ বাবে নহয় ই সমগ্ৰ দক্ষিণ পূৱ এছিয়াৰ সপোনৰ প্ৰকল্প ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দূৰদৰ্শী চিন্তা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৰ্ববিস্তাৰিত বিকাশ যোজনাৰ ফচল আই চি এ আৰ ৷ আই চি এ আৰ গুৱাহাটী আই টি আই, গুৱাহাটী এইম্‌ছৰ সমানে গুৰুত্বপূৰ্ণ ৷ ইয়াৰ পৰা সমগ্ৰ দক্ষিণ-পূৱ এছিয়াই কৃষি যোজনাত পুৰামাত্ৰাই লাভান্বিত হ’ব ৷ অন্য উন্নত দেশবোৰত যিমান কৃষি প্ৰযুক্তি উপলব্ধ হৈ আছে আই চি এ  আৰতো এই সমূহ প্ৰযুক্তি উপলব্ধ হ’ব ৷ ইতিমধ্যে আই চি এ আৰত বহুকেইটা এনে বিশ্বমানৰ কৃষি সামগ্ৰী আহি পাইছে ৷ গোগামুখৰ দৰে মফচলীয়া অঞ্চলত এনে বিশ্ব মানৰ অনুষ্ঠান স্থাপন হোৱাটো অসমৰ বাবে গৌৰৱৰ বিষয়।

ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি আমাৰ অসমৰ আয়ুসৰেখা ৷ সোৱণশিৰিক যদি আমি মাতৃ হিচাপে গণ্য কৰোঁ  আৰু ব্ৰহ্মপুত্ৰক পিতৃস্বৰূপ বুলি ভবা হয় ৷ নদী দুখনৰ নাম গৰিমা সমগ্ৰ বিশ্বত অক্ষুন্ন ৰখাৰ স্বাৰ্থত আই চি এ আৰৰ ছাত্ৰী নিৱাস নাম দিছে সোৱণশিৰি আৰু ছাত্ৰ নিৱাসৰ নাম দিয়া হৈছে ব্ৰহ্মপুত্ৰ ৷

চলিত বৰ্ষৰ মে' মাহৰ পৰা আই চি এ আৰত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰিব ৷ প্ৰথম পৰ্যায়ত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত এগ্ৰিকালছাৰ বি এ চি পাঠ গ্ৰহণ আৰম্ভ কৰিব ৷ এতিয়ালৈকে আই চি এ আৰত ৩১ গৰাকী বিজ্ঞানীয়ে নিজৰ নিজৰ বিভাগত নিৰন্তৰ কাম কৰি আছে আৰু আন ২৯ গৰাকী বিজ্ঞানী মে’ মাহত আই চি এ আৰত যোগদান কৰিব ৷ ইয়াত কৃষি গৱেষণাৰ সমান্তৰালভাৱে স্থানীয় কৃষকৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি যাব ৷

উল্লেখ্য, ২০১৭ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ২০১৮ চনৰ পৰা ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল ৷ এতিয়াও পূৰ্ণ পৰ্যায়ত নিৰ্মাণ চলি থকা প্ৰতিষ্ঠানখনৰ মূল পাঠদান গৃহ, প্ৰশাসনিক ভৱন, ছাত্ৰী নিৱাস, ছাত্ৰ নিৱাস, শিক্ষক ভৱন নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷ অৱশ্যে কেবাটাও শিক্ষক ভৱন নিৰ্মাণ এতিয়াও নিৰ্মাণ চলি আছে ৷  আজি কেন্দ্ৰীয় কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডাই আই চি এ আৰৰ ভাৰ্চুৱেলী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক কৃষি মন্ত্ৰী কৈলাশ চৌধুৰী উপস্থিত থাকে। অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডা:ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, এম এ চি চিফ পৰমানন্দ চায়েঙীয়া, ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীৰ লগতে কৃষি বিভাগৰ উচ্চ পদস্থ কেন্দ্ৰীয় বিষয়া, বিজ্ঞানী উপস্থিত থাকে।